
দৈনিক ৰাশিফল (Horoscope): ২৩ মাৰ্চ, বুধবাৰ
মেষ ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে এটা ভাল দিন হ’ব। আপুনি বন্ধুবৰ্গৰ সৈতে ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি এজন ঘনিষ্ঠ বন্ধুৰ ঘৰলৈও আহিব পাৰে। বন্ধু এজনৰ সৈতে কথা ভাগ বতৰা কৰিলে আপোনাৰ মন পাতল হ’ব। কৰ্মক্ষেত্ৰত আজি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হব। চাকৰিয়াল সকলে পদোন্নতিৰো সুযোগ লাভ কৰিব পাৰে। মনত সুখ থাকিব। দাম্পত্য জীৱনত প্ৰেম বৃদ্ধি পাব।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
বৃষ ৰাশি- দিনটো আনন্দৰে অতিবাহিত হব। আজি আৰ্থিকভাৱেও আপুনি লাভাৱাম্বিত হ’ব। কৰ্মক্ষেত্ৰত অত্যাধিক চাপৰ বাবে পৰিয়ালৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষাবোৰ উপেক্ষা নকৰিব। আপোনাৰ প্ৰিয়জনৰ অবিহনে সময় কটোৱাটো আপোনাৰ বাবে কঠিন হ’ব। যদি আপুনি কাম একাগ্ৰতাৰে কৰিব নোৱাৰে তেন্তে আজি আপুনি স্থিতি হেৰুৱাব পাৰে। আকস্মিক যাত্ৰা কৰিবলগা হ’ব পাৰে। কিন্তু এই যাত্ৰা আপোনাৰ বাবে কষ্টকৰ হব।
মিথুন ৰাশি- কোনো অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হব পাৰে। দায়িত্বহীন লোকৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি নকৰিব, অন্যথা আপুনি লোকচানৰ সন্মুখীন হ’ব লাগিব পাৰে। আপোনাক লৈ উৰা বাতৰি বিয়পিব পাৰে, সেয়ে উপেক্ষা কৰি চলক। আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক। আজি যিমান সম্ভৱ লেনদেন পৰিহাৰ কৰক। পৰিয়ালটোত ধৰ্মীয় কাৰ্যকলাপ থাকিব পাৰে। আপোনাৰ মূল্যবোধবোৰ আঁতৰাই ৰাখিব আৰু প্ৰতিটো সিদ্ধান্ত যুক্তিসঙ্গতভাৱে ল’ব। আপুনি এনে এটা উৎসৰ পৰা টকা উপাৰ্জন কৰিব পাৰে যিটো আপুনি আগতে ভবা নাছিল। আপোনাৰ আকৰ্ষণীয় সৃজনশীলতাই আজি ঘৰৰ পৰিৱেশ সুখী কৰিব।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
কৰ্কট ৰাশি- যদি আপুনি আপোনাৰ কেৰিয়াৰ সলনি কৰাৰ কথা ভাবি আছে, তেন্তে নিশ্চিত কৰিব যে আপুনি ইয়াৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হয় নে নহয়। কাৰণ আপোনাৰ কেৰিয়াৰ আপোনাৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। যিসকলে তেওঁলোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত পৰিৱৰ্তন কৰিব বিচাৰে, তেওঁলোকে সিদ্ধান্ত লোৱাৰ আগতে তেওঁলোকৰ জ্যেষ্ঠসকলৰ মতামত ল’ব লাগিব। মাতৃৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব। পত্নীৰ স্বাস্থ্যৰ যতন লওক। ঘৰলৈ আলহীৰ আগমণ ঘটিব পাৰে।
সিংহ ৰাশি- প্ৰত্যাশা অনুসৰি আজি আপুনি সফলতা লাভ কৰাত ব্যৰ্থ হব। প্ৰৰোচিত হোৱাৰ পৰা বাচি থাকক। এজন বিশেষ ব্যক্তিৰ সৈতে আপোনাৰ সাক্ষাতে আপোনাৰ দিনটো সাৰ্থক কৰি তুলিব। কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ সন্মুখীন হ’ব লাগিব। চাকৰিয়াল সকলৰ বদলিৰ যোগ আছে. পত্নীৰ সৈতে সদ্ভাৱ বৃদ্ধি পাব। আপুনি কৰা পৰিশ্ৰমে আজি সুফল দিব। ঘৰত মাংগলিক অনুষ্ঠান হ’ব পাৰে।
কন্যা ৰাশি- যদি আপুনি আজি নিজৰ বাবে বিশেষ কিবা কৰিব বিচাৰে, তেন্তে আজি সঠিক দিন। আপোনাৰ শক্তি বৃদ্ধি হ’ব। স্বাস্থ্যৰ যত্ন লোৱা প্ৰয়োজন। আপুনি পিতৃ-মাতৃৰ সমৰ্থন পাব। পত্নীৰ স্বাস্থ্যৰ বিষয়ে কিছু চিন্তা থাকিব পাৰে। ব্যৱসায়িক ভ্ৰমণ অনুকূল হ’ব। আপুনি জনা লোকসকলৰ জৰিয়তে আপুনি উপাৰ্জনৰ নতুন উৎস পাব। ৰাজনীতিৰ সৈতে জড়িত সকলৰ বাবে দিনটো ফলদায়ক হব। সন্মান বৃদ্ধি পাব।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
তুলা ৰাশি- আজি ভাগ্যই আপোনাক সমৰ্থন কৰিব। এই ৰাশিচিহ্নৰ ব্যৱসায়ীসকলে আজি তেওঁলোকৰ কাম কৰাৰ ধৰণত পৰিৱৰ্তন আনিব পাৰে। প্ৰতিযোগিতামূলক কাৰ্যত আজি সফলতা লাভ কৰিব। অভিযান্ত্ৰিক শিক্ষাৰ্থী সকলে কোনো ডাঙৰ কোম্পানীৰ পৰা চাকৰিৰ অফাৰ লাভ কৰিব পাৰে। ঘৰত আনন্দময় পৰিৱেশে বিৰাজ কৰিব। পত্নীৰ সৈতে সাধাৰণ মতানৈক্য ঘটিব পাৰে।
বৃশ্চিক ৰাশি- আপুনি কি বিচাৰে সেই বিষয়ে আৱেগিকভাৱে অনিশ্চিত আৰু অস্থিৰ হ’ব। প্ৰাৰ্থনাই আপোনাৰ ইচ্ছা পূৰণ কৰিব আৰু সৌভাগ্য আপোনাৰ হাতলৈ আহিব। পূৰ্বে কৰা কঠোৰ পৰিশ্ৰমে আপোনাক সুফল প্ৰদান কৰিব। সন্তানৰ শিক্ষাৰ বিষয়ে চিন্তিত হ’ব পাৰে। ক্ষুদ্ৰ ব্যৱসায়ী সকলে অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হ’ব। অৱশ্যে ধন ব্যয়ৰ ক্ষেত্ৰত নজৰ দিয়ক। কথা কওতে মাৰ্জিত হওক।
ধনু ৰাশি- ব্যস্ততা স্বত্বেও আজিৰ দিনটো সুখৰ হ’ব। অৱশ্যে বিবাহিত জীৱনত কিছু বিভেদ ঘটিব পাৰে। অৰ্থনৈতিক ক্ষেত্ৰত প্ৰগতি হ’ব পাৰে। পৰিয়ালটোত সুখ, শান্তি আৰু ধৰ্মীয় পৰিৱেশ থাকিব পাৰে। মনত কেইবাটাও চিন্তাই ক্ৰিয়া কৰিব পাৰে। ঘৰলৈ অহা কোনো অতিথিৰ দ্বাৰা আজি আপুনি লাভাৱাম্বিত হ’ব। পিতৃ-মাতৃৰ পৰা সমৰ্থন লাভ কৰিব পাৰিব। ব্যৱসায়ত বিনিয়োগৰ পূৰ্বে জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ গ্ৰহণ কৰক।
মকৰ ৰাশি- আজি নতুন কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি হ’ব। যাৰ পৰা আপুনি নতুন কিবা এটা শিকিবলৈও সক্ষম হব। আজি যদি আপুনি অপ্ৰয়োজনীয় ব্যয় হ্ৰাস কৰিবলৈ চেষ্টা কৰে তেন্তে আপোনাৰ ভৱিষ্যতৰ বাবে ধন সংগ্ৰহ কৰাসহজ হ’ব। আজি কাৰ্যালয়ত অতিৰিক্ত কামৰ হেঁচা পাব পাৰে। অৱশ্যে স্থগিত হৈ থকা কাম সোনকালেই সম্পূৰ্ণ হ’ব। আপোনাৰ কামত বিষয়াসকল সুখী হব। যদি নতুন আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে এয়া আপোনাৰ বাবে লাভজনক হ’ব।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
কুম্ভ ৰাশি- অৰ্থনৈতিক বিষয়ত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। আজি, আপোনাৰ প্ৰিয়জনৰ পৰা সকলো ভুল বুজাবুজি আঁতৰ হব। ব্যৱসায় সংক্ৰান্তীয় কাৰণত আজি আপুনি ভ্ৰমণ কৰিবলগা হ’ব পাৰে। আশা কৰা ধৰণে আজি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত ফলাফল লাভ নকৰিব পাৰে, কিন্তু তাৰ বাবে হতাশ নহ’ব। মাতৃৰ সহযোগিতাই আজি আপোনাৰ মনোবল বৃদ্ধি কৰিব। সন্ধিয়া ক’ৰবালৈ ফুৰিবলৈ যাব পাৰে।
মীন ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে লাভজনক প্ৰমাণিত হব। কামৰ ক্ষেত্ৰত ধনৰ সুবিধা আৰু কিছু সফলতা পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি আজি শান্ত মনেৰে কাম কৰে, আপুনি যথেষ্ট উপকৃত হ’ব। আনৰ কথা গুৰুত্বসহকাৰে শুনিব। আপুনি কিছুমান গুৰুত্বপূৰ্ণ তথ্য পাব পাৰে। প্লাষ্টিকৰ ব্যৱসায়ৰ সৈতে জড়িত সকলে আজি ব্যৱসায় বৃদ্ধি কৰাৰ সুযোগ পাব পাৰে। পিতৃৰ সৈতে মতভেদ ঘটিব পাৰে। বৈবাহিক জীৱনত সুখ বৃদ্ধি পাব।