
দৈনিক ৰাশিফল (Horoscope): ১৮ এপ্ৰিল, সোমবাৰ
মেষ ৰাশি- আপুনি মানসিকভাৱে সতেজ অনুভৱ কৰিব। আপোনাৰ বাবে দিনটো শুভ। আনৰ সৈতে আপোনাৰ সম্পৰ্ক অতি স্পষ্ট হ’ব। যিকোনো প্ৰতিশ্ৰুতি বা লেনদেন কৰাৰ আগতে ভালদৰে বিচাৰ কৰক। আপুনি আপোনাৰ বন্ধুবৰ্গৰ সৈতে ভাল সময় অতিবাহ কৰিব পাৰে। অবিবাহিত লোকসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে। ভাগ্যই বহুক্ষেত্ৰত আপোনাক সহায় কৰিব পাৰে। আপোনাৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়ক। দাম্পত্য জীৱন সুখৰ হ’ব।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
বৃষ ৰাশি- যদি আপুনি আপোনাৰ সৃষ্টিশীল প্ৰতিভা সঠিক ধৰণে ব্যৱহাৰ কৰে তেন্তে ই যথেষ্ট লাভজনক প্ৰমাণিত হ’ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ সৈতে সম্পৰ্কিত সমস্যাই আপোনাক মানসিক সমস্যাত পেলাব পাৰে। আজিৰ দিনটো আপুনি বিচৰা ধৰণে নহ’ব। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে। পৰিয়ালৰ সৈতে একেলগে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে।
মিথুন ৰাশি- আজি আপোনাৰ অৰ্থনৈতিক পৰিস্থিতি শক্তিশালী হ’ব। যদি আপুনি আজি আপোনাৰ সমস্যাবোৰ আপোনাৰ পিতৃ-মাতৃৰ সৈতে ভাগ বতৰা কৰে, আপুনি নিশ্চিতভাৱে সমাধান বিচাৰি পাব। দাম্পত্য জীৱন সুখৰ হ’ব। শিক্ষাৰ লগত জড়িত হৈ থকা লোকসকলৰ বাবে দিনটো শুভ। ঘৰলৈ অতিথিৰ আগমন ঘটিব। বস্ত্ৰ আদি উপহাৰ পাব পাৰে।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
কৰ্কট ৰাশি- আপোনাৰ বাবে আজিৰ দিনটো কঠিন হ’ব পাৰে। বন্ধুবৰ্গৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পূৰ্বে জেষ্ঠ্যজনৰ পৰামৰ্শ লওক। ব্যৱসায়ত চকু নিদিলে লোকচানৰ সন্মুখীন হ’ব পাৰে। নতুন কাম আৰম্ভ কৰিবলৈ এইটো এটা শুভ দিন। মাতৃৰ স্বাস্থ্যৰ যতন লওক। পত্নীৰ সমৰ্থন লাভ কৰিব। শিক্ষাৰ্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব।
সিংহ ৰাশি- আত্মবিশ্বাসৰ অভাৱ হ’ব। উপাৰ্জন হ্ৰাস আৰু অধিক ব্যয়ে আপোনাক আৰ্থিক সমস্যাত পেলাব পাৰে। সেয়ে ধন ব্যয়ৰ ক্ষেত্ৰত সাৱধান হওক। মিতভাষী হওক। খং পৰিহাৰ কৰি শুদ্ধ অন্তৰেৰে সকলোৰে সৈতে মিলিবলৈ চেষ্টা কৰক। কৰ্মৰ খাতিৰত আজি আপুনি পৰিয়ালৰ পৰা আঁতৰি থাকিবলগীয়া হ’ব পাৰে। পত্নীৰ সমৰ্থন লাভ কৰিব।
কন্যা ৰাশি- ভাগ্যই কঠিন পৰিস্থিতিত সংগ দিব। বহুদিন ধৰি অপেক্ষা কৰি থকা এটা ভাল সুযোগ আজি লাভ কৰিব পাৰে। মনযোগেৰে কৰা কাৰ্যত আজি সফলতা লাভ কৰিবলৈ সক্ষম হব। ব্যৱসায়ৰ সৈতে জড়িত সকলৰ আজি হঠাৎ লাভ বৃদ্ধি হব। অৱশ্যে ধন খৰছৰ ওপৰত কিছু নজৰ ৰাখক। আৰ্তজনক সহায় কৰাৰ মানসিকতা ৰাখক। পত্নীৰ পৰা ভাল খবৰ লাভ কৰিব।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
তুলা ৰাশি- কঠিন আৰু জটিল লেনদেন আপোনাৰ পক্ষত হ’ব পাৰে। যদি আপুনি চাকৰি সলনি কৰিব বিচাৰে, তেন্তে প্ৰগতিৰ সম্ভাৱনা আছে। উপাৰ্জন বৃদ্ধি হ’ব। ৰুটিনৰ অলপ পৰিৱৰ্তনে সকাহ দিব নতুবা আপুনিও সুখী হ’ব। আপোনাৰ বহুতো নতুন অভিজ্ঞতা থাকিব পাৰে। আন মানুহে আপোনাক ধনৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। আপোনাৰ বাবে ধাৰ লোৱা আৰু ঋণ দিয়া সহজ হ’ব। শিশুৱে সহায় কৰিব পাৰে।
বৃশ্চিক ৰাশি- আজি আপোনাৰ সন্মুখত আহি থকা নতুন বিনিয়োগৰ সুযোগবোৰ বিবেচনা কৰক। কিন্তু যেতিয়া আপুনি সেই পৰিকল্পনাবোৰ ভালদৰে অধ্যয়ন কৰে তেতিয়াহে টকা বিনিয়োগ কৰক। সামাজিক কামত পৰিয়ালৰ সৈতে সংযোগ কৰাটো সকলোৰে বাবে এটা ভাল অভিজ্ঞতা হ’ব। কাৰোবাৰ দ্বাৰা প্ৰতাড়িত হ’ব পাৰে। নতুন ঠাইলৈ ফুৰিবলৈ যাব পাৰে। খং পৰিহাৰ কৰক।
ধনু ৰাশি- আজি আপুনি কাৰ্যালয়ত বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে। এজন জ্যেষ্ঠৰ সহায়ত, আপুনি টকা লাভ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ। বিদেশ ভ্ৰমণৰ যোগ আছে। পৰিয়ালৰ কোনো এজন সদস্যৰ সৈতে মতভেদ ঘটিব পাৰে। ঘৰত কোনো ধৰ্মীয় কাৰ্যসূচী থাকিব পাৰে। উপাৰ্জন সীমিত হ’ব।
মকৰ ৰাশি- জীৱনৰ বহুতো ক্ষেত্ৰত উন্নতি হ’ব। আপোনাৰ সন্মুখত বহুতো কাম থাকিব। ফলাফলটো আপোনাৰ ফালে থাকিব। আপুনি কিছুমান লোকৰ সৈতে অতি উপযোগী বাৰ্তালাপ কৰিব পাৰে। আপুনি কিছুমান লোকৰ পৰা নতুন ধাৰণা পাব পাৰে। আপুনি যিকোনো বিবাদ বা তৰ্কৰ পৰা আঁতৰি থকা উচিত। কঠোৰ পৰিশ্ৰম কৰাটো আপোনাৰ বাবে ভাল হ’ব।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
কুম্ভ ৰাশি- হঠাত ক’ৰবাত ধন লাভ কৰিব পাৰে। যাৰ বাবে আপোনাৰ আৰ্থিক সমস্যা কিছু আঁতৰ হব। পৰিয়ালত সদ্ভাৱ থাকিব। আজি মিছা কথা কোৱা পৰিহাৰ কৰক। পত্নীৰ পৰামৰ্শই আপোনাক ব্যৱসায়িক প্ৰগতি প্ৰদানত সহায় কৰিব। তৎক্ষণাত কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। শিশুৰ ভৱিষ্যতক লৈ চিন্তিত হ’ব পাৰে।
মীন ৰাশি- আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। মনৰ শান্তিৰ বাবে ধৰ্মীয় স্থানলৈ যাব পাৰে। পুৰণি বন্ধুৰ সহায়ত ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে। কৰ্মক্ষেত্ৰত অধিক কামৰ বোজাই কিছু বিব্ৰত কৰিব পাৰে। পিতৃৰ পৰা আৰ্থিক সমৰ্থন লাভ কৰিব। বাহন আদি ক্ৰয় কৰাৰ যোগ আছে। উপাৰ্জন বৃদ্ধিৰ সমান্তৰালভাৱে আজি ব্যয়ও বৃদ্ধি পাব। নিজৰ স্বাস্থ্যৰ যতন লওক।