CAA বাতিল নকৰালৈকে ৰাজ্যত অব্যাহত থাকিব প্ৰতিবাদঃ লুৰীণজ্যোতি গগৈ

ৰাজ্যত পুনৰ আৰম্ভ হ’ল নাগৰিকত্ব সংশোধনী আইন বিৰুধী আন্দোলন।

সংসদত কা আইন গৃহীত হোৱাৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ দিনটোতে অসম জাতীয় পৰিষদে গুৱাহাটীত বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে৷

অসম জাতীয় পৰিষদৰ ‘জাতীয় সংকল্প অভিযান’ৰ দ্বিতীয় দিনা সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত সহস্ৰাধিক লোকে জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ৰ পৰা দিছপুৰ অভিমুখে শোভাযাত্ৰা কৰি জু-ৰোডৰ এআইডিচি পইন্টত কা আইনৰ প্ৰতিলিপি দাহ কৰে।

প্ৰতিবাদকাৰীসকলে জাতীয় পৰিষদৰ কাৰ্যালয় চৌহদত ক’লা পতাকা উত্তোলন কৰাৰ লগতে সমদল কৰোতে হাতে হাতে ক’লা পতাকা লৈ প্ৰদৰ্শন কৰে।

জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, ‘কা জাপি দি কেন্দ্ৰীয় চৰকাৰে অসমীয়া জাতিক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে৷ এই ষড়যন্ত্ৰ কোনো পধ্যেই মানি লব নোৱাৰি৷ কেন্দ্ৰই কা বাতিল নকৰালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব।’

উল্লেখ্য যে, ২০১৯ চনৰ আজিৰ দিনটোতে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা গৃহীত হৈছিল৷

Leave a Comment