অসম

আজি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মুকলি কৰিব অসম বিধান সভাৰ ডিজিটেল টিভি…

অসম বিধান সভাৰ শীতকালীন অধিৱেশনৰ আজি পঞ্চমটো অৰ্থাৎ শেষৰটো দিন।

আজি বিধান সভাত উপস্হিত থাকিব লোকসভাৰ অধ্যক্ষ ওম বিৰলা।

অধ্যক্ষৰ উদ্যোগত নতুন শিক্ষানীতি ওপৰত হ’ব বিশদ আলোচনা।

এই অনুষ্ঠানতে লোকসভাৰ অধ্যক্ষ গৰাকীয়ে ৰাজ্যিক বিধান সভাৰ কেন্দ্ৰীয় হলত আনুষ্ঠানিকভাৱে অসম বিধান সভাৰ ডিজিটেল টিভি মুকলি কৰিব।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, মন্ত্ৰী, বিধায়ক আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল অনুষ্ঠানটোত উপস্থিত থাকিব।

ইতিমধ্যে সজাই পৰাই তোলা হৈছে অসম বিধান সভা চৌহদ।

না না ৰঙী ফুল, কাৰ্পেড লগোৱা হৈছে বিধান সভাৰ ভিতৰে বাহিৰে।

ৰাতিপুৱা ১০-৩০ বজাত উপস্থিত হব অধ্যক্ষগৰাকী।

বিৰলাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিদিন এচিভাৰ্ছ এৱাৰ্ড অনুষ্ঠানতো অংশ ল’ব। এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চাওনা মিনৰ লগতে আন বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকিব।

ইয়াৰ উপৰি লোকসভাৰ অধ্যক্ষগৰাকীয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰিব বুলিও জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *