ইণ্ডিয়ান অইলৰ ৰিফাইনেৰীত ভয়ংকৰ অগ্নিকাণ্ড, তিনিজনৰ মৃত্যু, ৪৪ জন আহত…

পুনৰ ইণ্ডিয়ান অইল ৰিফাইনেৰীত সংঘটিত হ’ল এক ভয়ংকৰ অঘটন।

ইণ্ডিয়ান অইলৰ ৰিফাইনেৰীত সূত্ৰপাত হোৱা অগ্নিকাণ্ডৰ ফলত কেইবাজনো লোক নিহত হোৱাৰ লগতে আহত হ’ল প্ৰায় অৰ্ধ শতাধিক।

এই ভয়াবহ অগ্নিকাণ্ডাৰ ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ পূব মেদিনীপুৰ জিলাৰ হালদিয়াত।

মঙলবাৰে দিনৰ ভাগত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাত ৩ জন লোকৰ থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে ৪৪ জন।

উল্লেখ্য যে, পশ্চিম বংগৰ পূব মেদিনীপুৰ জিলাৰ হালদিয়াত মঙলবাৰে দুপৰীয়া ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ শোধনাগাৰৰ এটা ইউনিটত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

তেতিয়া তাত শ্বাটডাউন সম্পৰ্কীয় কাম চলি আছিল।

ইণ্ডিয়ান অইলৰ তৰফৰ পৰা কোৱা হৈছে যে জুই সম্পূৰ্ণৰূপে নুমুৱাবলৈ সক্ষম হোৱাৰ লগতে পৰিস্থিতি এতিয়া স্বাভাৱিক অৱস্থাত আছে।

আঘাতপ্ৰাপ্ত হোৱা ৪৪ জন লোকৰ ভিতৰত ৩৭ জনক কলকাতাৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰে সাতজনৰ অৱস্থা কিছু সংকটজনক।

লগতে চাওকঃ

আজব ঘটনা! ৰে’লৰ ইঞ্জিনকে বিক্ৰী কৰিলে বিভাগীয় অভিযন্তাই

Leave a Comment