ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোহাঁইৰ পিছতে এইবাৰ ৰহাৰ বিধায়ক শশীকান্ত দাসে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত চামিল হ’বলৈ আগবাঢ়িছে।
সোমবাৰে কংগ্ৰেছৰ ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস বিজেপি দলৰ শৰণাপন্ন হোৱাৰ পিছতে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লাগিছে।
২০ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলৰ জৰিয়তে এই বিষয়ে অৱগত কৰিছে যে বিধায়ক শশীকান্ত দাসে চৰকাৰী পক্ষক সমৰ্থন কৰিব।
এই কথাৰ সমৰ্থন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি ভবেশ কলিতাৰ ভৰি চুই আশীৰ্বাদো লয় বিধায়ক গৰাকীয়ে।
অৱশ্যে বৰ্তমানলৈ কংগ্ৰেছ দল ত্যাগ কৰা নাই শশীকান্ত দাসে। কংগ্ৰেছত থাকিয়েই চৰকাৰৰ সৈতে থাকিব ৰহাৰ বিধায়ক।
কংগ্ৰেছ ত্যাগ নকৰাকৈ বিজেপি সমৰ্থন কৰাক লৈ কংগ্ৰেছ দলতো তোলপাৰ লাগি গৈছিল।
এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছে শ্ব’কজ জাৰি কৰে ৰহাৰ বিধায়ক দাসক।
বিজেপিমুখী কংগ্ৰেছী বিধায়ক শশীকান্ত দাসলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে সোমবাৰৰ সন্ধিয়া কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। তেওঁ কিদৰে দলৰ শীৰ্ষ নেতৃত্বক অৱগত নকৰাকৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে সেই বিষয়ে তেওঁক প্ৰশ্ন কৰা হৈছে।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই জাৰি কৰা এই কাৰণ দৰ্শোৱাৰ জাননীত বিধায়গৰাকীয়ে সংবাদ মাধ্যমৰ আগত বিজেপি চৰকাৰৰ মুকলি সমৰ্থন দিয়া বিষয়টোৱে দলৰ ভাৱমূৰ্তি ম্লান কৰাৰ লগতে দলৰ নিয়ম শৃংখলাত বিৰূপ প্ৰভাৱ পেলাব বুলি উল্লেখ কৰিছে।
সেয়েহে ২৪ ঘণ্টাৰ ভিতৰতে বিধায়ক শশীকান্তক দাসক কাৰণ দৰ্শোৱাক জাননী প্ৰেৰণ কৰা হৈছে।









