অসম

মহানগৰীত চাঞ্চল্যকৰ ঘটনা, পিষ্টল দেখুৱাই ডকাইতে কাঢ়ি নিলে ৪ লাখ টকা…

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

চুপাৰমাৰ্কেট লাষ্টগেটত পিষ্টল দেখুৱাই ডকাইতে কাঢ়ি নিলে ৪ লাখ টকা।

গুৱাহাটী পৌৰ নিগমৰ কাৰ্য্যালয়ৰ পৰা চান্দমাৰীস্থিত এইচডিএফচি বেংকলৈ জমা থবৰ বাবে ৪ লাখ টকা লৈ গৈ থকাৰ সময়তে চাৰিজন যুৱকে পিষ্টল দেখুৱাই টকাখিনি কাঢ়ি লৈ যায়।

এখন হিৰো গ্লেমাৰ আৰু হোণ্ডা হৰনেট বাইকত উঠি আহিছিল অচিনাক্ত অস্ত্ৰধাৰী যুৱক চাৰিজন।

আনকি বেংকলৈ টকা লৈ গৈ থকা লোককেইজনকো প্ৰহাৰো কৰে যুৱক চাৰিজনে।

জানিব পৰা মতে, যুৱক চাৰিজনে অহা বাইক দুখনৰ নাছিল কোনোধৰণৰ নম্বৰ প্লেট।

এই ডকাইতি কাণ্ডৰ পাছতে ঘটনা সম্পৰ্কত দিছপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে।

গুৱাহাটী মহানগৰীৰ মাজ-মজিয়াত সংঘটিত এই ঘটনাই আৰক্ষীৰ নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *