অসম

মহানগৰীৰ শিক্ষানুষ্ঠানত ক’ভিডৰ আতংক, দিছপুৰ মহাবিদ্যালয়ৰ ৬ শিক্ষক-শিক্ষাৰ্থী ক’ভিড প’জিটিভ…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়ত কৰ’ণাৰ আতংক।

এখনৰ পিছত আন এখন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কৰ’ণা।

এইবাৰ দিছপুৰ মহাবিদ্যালয়ৰ ৬ গৰাকীৰ দেহত ধৰা পৰিছে কৰ’ণা।

মঙলবাৰে বি বৰুৱা মহাবিদ্যালয়ৰ ৬ গৰাকী শিক্ষাৰ্থীৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পাছত বুধবাৰে দিছপুৰ মহাবিদ্যালয়ৰ ৫গৰাকী শিক্ষাৰ্থী আৰু এগৰাকী অধ্যাপকৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰে।

উল্লেখ্য যে, মহাবিদ্যালয়খনত বৰ্তমান চলি আছে প্ৰী টেষ্ট পৰীক্ষা।

বি বৰুৱা মহাবিদ্যালয় আৰু দিছপুৰ মহাবিদ্যালয়ৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৯ গৰাকীকৈ শিক্ষাৰ্থীৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *