গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ’ণাৰ আতংক।
বিশ্ববিদ্যালয় সপ্তাহ চলি থকাৰ মাজতে ক’ভিডত আক্ৰান্ত ১৯গৰাকী শিক্ষাৰ্থী।
জানিব পৰা অনুসৰি, বিশ্ববিদ্যালয়খনৰ AT 9 আৰু AT 8 হোষ্টেলৰ ১১ আবাসী ক’ভিডত আক্ৰান্ত হৈছে।
ইয়াৰ লগতে RCC 6 হোষ্টেলৰ ৪গৰাকী আবাসী AT 2 আৰু AT 3ৰ ছাত্ৰী নিৱাসৰ এগৰাকী আবাসী ক’ভিডত আক্ৰান্ত হৈছে।
ইয়াৰ পিছতে পাছতে স্বাস্থ্য বিভাগৰ নিৰ্দেশত হোষ্টেলে হোষ্টেলে চলিছে ক’ভিড টেষ্ট।
কিছুদিন পূৰ্বে বিশ্ববিদ্যালয়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল।
বিশ্ববিদ্যালয় সপ্তাহৰ মাজতে এনেধৰণৰ ঘটনাই একপ্ৰকাৰৰ উদ্বেগৰ সৃষ্টি কৰিছে।









