অসম

ভয়ংকৰ দুৰ্ঘটনা! ইন্টাৰচিটি এক্সপেছৰ খুন্দাত দুটুকুৰা হ’ল এখন ট্ৰাক…

যোৰহাটত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।

মৰিয়নীৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰা ইন্টাৰচিটি এক্সপ্ৰেছখনে যোৰহাটৰ ৰজাবাৰীৰ ৰে’ল লাইনৰ নিচেই কাষত থকা এখন মালবাহী ট্ৰাকক মহতিয়াই লৈ যায়। 

দুৰ্ঘটনাটোত ইমানেই ভয়ংকৰ আছিল যে, ৰে’লখনে মহতিয়াই নিয়াৰ ফলত মালবাহী ট্ৰাকখন মাজতে দুটুকুৰা হৈ যায়।

G4

দুৰ্ঘটনা সংঘটিত হোৱা মালবাহী ট্ৰাকখনৰ নম্বৰ হৈছে NL01L 3254। 

প্ৰত্যক্ষদৰ্শীৰ মতে মালবাহী ট্ৰাকখন বেয়া হোৱাত ৰজাবাৰীৰ পাঞ্জাৱ ইঞ্জিনিয়াৰিং কোম্পানীৰ ওচৰৰ ৰে’ল লাইনৰ একেবাৰে নিচেই কাষত ট্ৰাকৰ জেকৰ এক অংশ ৰে’ল লাইনৰ ফালে ওলাই থকাত এই ঘটনা সংঘটিত হয়।

s4

সৌভাগ্য ক্ৰমে এই ৰে’ল দুৰ্ঘটনাটোত কোনো লোকৰ ক্ষতি হোৱা নাই।

লগতে চাওকঃ

চলন্ত ৰে’লত উঠিবলৈ গৈ বিপদৰ পৰিল এজন বয়ােজ্যেষ্ঠ লােক, CCTV ত বন্দী সমগ্ৰ ঘটনা

Leave a Reply

Your email address will not be published. Required fields are marked *