‘প্ৰধানমন্ত্ৰী মোডীতকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী অধিক গ্ৰহণযোগ্য।’
‘মমতা বেনাৰ্জী ভাৰতৰ প্ৰধান মন্ত্ৰী হ’লে অধিক উপক্ৰিত হ’ব উত্তৰ-পূৰ্বাঞ্চল।’
সোমবাৰে ওদালগুৰিত এই বিস্ফোৰক মন্তব্য কৰে জি এছ পিৰ সভাপতি তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াই।
সাংসদ নৱ কুমাৰ শৰণীয়াই তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ কথা চৰ্চা চলি থকাৰ সময়তে ওদালগুৰিত সাংবাদিকৰ আগত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে শৰণীয়াই।
মমতা বেনাৰ্জীৰ সৈতে কেইবালানীও আলোচনাৰ কথা স্বীকাৰ কৰি তৃণমূল দলত যোগদান সন্দৰ্ভত বৰ্তমানলৈ কোনো সিদ্ধান্ত লোৱা নাই বুলি মন্তব্য কৰে শৰণীয়াই।
লগতে অসমত বাধ্যত পৰিহে হিন্দু বঙালী সকলে BJPক ভোট দিয়া বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ জনে।









