অসম

বঙালী নেতা প্ৰদীপ দত্ত ৰয় কৰ’ণাত আক্ৰান্ত…

কৰ’ণাত আক্ৰান্ত বিতৰ্কিত বঙালী নেতা প্ৰদীপ দত্ত ৰয়।

বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ (বিডিএফ) মুখ্য আহ্বায়ক প্ৰদীপ দত্ত ৰয়ৰ দেহত শনিবাৰে ক’ভিডৰ উপস্থিতি ধৰা পৰে।

ইতিমধ্যে তেওঁ শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল।

চিকিৎসাধীন অৱস্থাতে তেওঁৰ আৰটিপিচিআৰ পৰীক্ষাৰ বাবে নমুনা প্ৰেৰণ কৰা হৈছিল।

শনিবাৰে নিশা পৰীক্ষাটোৰ প্ৰতিবেদন প্ৰদীপ দত্তৰ দেহত ক’ভিডৰ উপস্থিতিৰ বিষয়ে জানিব পৰা যায়।

উল্লেখ্য উল্লেখ যোগ্য যে, শিলচৰ মেহেপুৰৰ এটা পেট্ৰলপাম্পত অসমীয়া পোষ্টাৰ ৪৮ ঘণ্টাৰ ভিতৰত আঁতৰাই নিয়াৰ বাবে হুংকাৰ দিছিল প্ৰদীপ দত্ত ৰয়ে।

ইয়াৰ পাছতে কাছাৰ আৰক্ষীয়ে ২৭ নবেম্বৰত প্ৰদীপ দত্তৰয়ক গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পিছতে আদালতে 8 নৱেম্বৰত প্ৰদীপ দত্ত ৰয়ৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *