অসমঅসমীয়া

ডিআই বাহনৰ খুন্দাত নিহত চাকইেল আৰােহী, ডাম্পাৰৰ চালক

নিউজ ডেস্ক। অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকথাৰৰ ডিৰাক গে’টত ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী ডিআই বাহনে মহটিয়াই নিলে চাইকেল আৰােহী তথা ডাম্পাৰৰ চালকক।

থিতাতে নিহত দুয়ােজন।

নিহত ডাম্পাৰৰ চালকজনৰ নাম দেৱজিত্‍ শইকীয়া আৰু চাইকেল আৰােহীজনৰ নাম সন্তোষ ঠাকুৰ।

জানিব পৰা মতে, দেৱজিত্‍ শইকীয়াৰ ঘৰ তিনিচুকীয়াৰ গোবিন্দপুৰত আৰু সন্তোষ ঠাকুৰৰ ঘৰ তিনিচুকীয়াৰ মহাদেৱপুৰত।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, ডিআই বাহনখনৰ চালকে অত্যধিক মদ্যপান কৰাৰ ফলতে এই শােকাৱহ দুৰ্ঘটনা সংঘটিত হয়।

চাইকেল আৰােহীক খুন্দিওৱাৰ লগতে ডিআই বাহনখনে (AS-23CC-3963) গে’টত ক্ষন্তেক সময়ৰ বাবে ৰখাই থােৱা ডাম্পাৰ (AS-23 BC-7321) বাহনকাে খুন্দা মাৰে।

ডাম্পাৰখনৰ চালক গাড়ীখনত উঠিবলৈ লওঁতে ডিআই বাহনখনে মহটিয়াই নিয়াৰ ফলত তেওঁৰ থিতাতে মৃত্যু ঘটে।

লগতে চাওকঃ

ৰে’ল ষ্টেচনত নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল এজন বয়ােজ্যেষ্ঠ লােক, CCTV ত বন্দী সমগ্ৰ ঘটনা

Leave a Reply

Your email address will not be published. Required fields are marked *