অসম

AFSPA প্ৰত্যাহাৰৰ দাবীত নেছ’ৰ আহ্বানত দীঘলীপুখুৰী পাৰত প্ৰতিবাদ…

উত্তৰ পূবৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) প্ৰত্যাহাৰৰ দাবীৰে NESO প্ৰতিবাদ।

বৃহস্পতিবাৰে দীঘলীপুখুৰী পাৰত নেছ’ৰ আহ্বানত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।

নাগালেণ্ডত মন জিলাত নিৰীহক হত্যাৰ পাছতেই আছফা বাতিলৰ দাবীৰে সমগ্ৰ উত্তৰ-পূবতে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে নেছ-এ।

প্ৰতিবাদত অংশগ্ৰহণ কৰে নেছ’ৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, সভাপতি দিপাংক নাথৰ লগতে নেছ’ বিষয়ববীয়াসকলে।

সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই AFSPAৰ বিৰোধিতা কৰি কয়, ‘নাগালেণ্ডৰ বাবে আমি ঐক্যবদ্ধভাৱে আগবাঢ়ি যাম’। 

নাগালেণ্ডৰ মন জিলাৰ ৰাইজ অকলশৰীয়া নহয় বুলি কেন্দ্ৰীয় চৰকাৰক সকীয়নি প্ৰদান কৰি এই আইন প্ৰত্যাহাৰ কৰাৰ লগতে নাগালেণ্ডৰ খিলঞ্জীয়া লোকক হত্যা কৰা লোকে উচিত শাস্তি পাব লাগিব বুলি দাবী জনায় উপদেষ্টাগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *