অসম

তামিলনাডুৰ হেলিকপ্তাৰ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১১ গৰাকীলৈ বৃদ্ধি…

চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটে যাত্ৰা কৰি থকা হেলিকপ্তাৰ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১১ গৰাকীলৈ বৃদ্ধি পাইছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম সদৰি কৰিছে এই তথ্য।

সেনাৰ এমআই ১৭ ভি৫ হেলিকপ্টাৰখনত আছিল ১৪ গৰাকী যাত্ৰী।

ভিভিআইপি শ্ৰেণীৰ হেলিকপ্টাৰ আছিল হেলিকপ্টাৰখন।

তিনিজন যাত্ৰীক জীৱন্তে উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।

হেলিকপ্টাৰখনত আছিল চিডিএছ জেনেৰেল বিপিন ৰাৱাট।

ৱেলিংটনৰ সেনা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৰাৱাট।

ৰাৱাটৰ স্বাস্থ্য অতি সংকটজনক বুলি জানিব পৰা গৈছে।

বেয়া বতৰৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি বৰ্তমানলৈ জানিব পৰা গৈছে যদিও এতিয়ালৈ দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নায়।

ভাৰতীয় বায়ু সেনা বাহিনীৰ হেলিকপ্তাৰত পত্নীসহ আৰু অন্যান্য বিষয়া সকলৰ সৈতে এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে যাত্ৰা কৰি আছিল চিডিএছ বিপিন ৰাৱাট।

Leave a Reply

Your email address will not be published. Required fields are marked *