অৱশেষত জামিন লাভ কৰিলে বিধায়ক শ্বেৰমান আলীয়ে।
গীতানগৰ থানাৰ গোচৰত জামিন লাভ কৰিলে বাঘবৰৰ বিধায়কগৰাকীয়ে।
কামৰূপ চি জে এম আদালতে জামিন প্ৰদান কৰিলে বিধায়ক শ্বেৰমানক।
কাৰাগাৰৰ পৰা ওলোৱাৰ পথ প্ৰশস্ত হ’ল বিধায়কগৰাকীৰ।
তিনিওটা গোচৰতে জামিন লাভ কৰাৰ পিছতে শ্বাৰমান আলীৰ কাৰাগাৰৰ পৰা বাহিৰলৈ অহাৰ পথ মুকলি।
পূৰ্বে ২ টা গোচৰত জামিন লাভ কৰিছিল শ্বেৰমানে।
উল্লেখ্য যে, শ্বহীদক অপমান কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী।









