অসমঅসমীয়া

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১

নিউজ ডেস্ক। দৰং জিলাৰ ছিপাঝাৰত দেওবাৰে পুৱা ট্ৰাকৰ খুন্দাত এজন গৃহৰক্ষী জােৱানৰ মৃত্যু হােৱাৰ পাছত পুনৰ সন্ধিয়া সংঘটিত আন এক দুৰ্ঘটনাত এজন ব্যক্তিৰ মৃত্যু হয়।

জানিব পৰা মতে, ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত কৰৈগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে নিশা এই দুৰ্ঘটনা সংঘটিত হয়।

চাৰিচকীয়া বাহন আৰু বাইকৰ মজত মুখামুখি সংঘৰ্ষৰ ফলত নিহত হয় এজন লোক।

নিহত বাইক চালকগৰাকীক খাৰুপেটিয়াৰ জংঘলপাৰাৰ বাহাৰুল ইছলাম বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় বাহাৰুল ইছলামৰ।

গুৱাহাটীৰ পৰা খাৰুপেটিয়ালৈ গৈ আছিল বাহাৰুল ইছলাম।

লগতে চাওকঃ

Supersonic Boom! ভয়ংকৰ শব্দই কঁপাই গ’ল উজনি অসমৰ বৃহৎ অঞ্চল

Leave a Reply

Your email address will not be published. Required fields are marked *