গোৱালপাৰাত দিনতেই চলিল আৰক্ষীৰ গুলী।
দুৰ্ধৰ্ষ বাইক চোৰক লক্ষ্য কৰি আৰক্ষীৰ গুলি, এজন গুলিবিদ্ধ।
বৃহস্পতিবাৰে দিনতেই গোৱালপাৰা আৰক্ষীয়ে দুজন বাইক চোৰলৈ বুলি লক্ষ্য কৰি গুলীচালনা কৰে।
তাৰেই এজন চোৰ আৰক্ষীৰ গুলিত গুলিবিদ্ধ হয়। লগতে আনজন চোৰো আটক হয় আৰক্ষীৰ হাতত।
লগতে আৰক্ষীয়ে ধৃত বাইক চোৰ দুটাৰ পৰা দুটাকৈ পিষ্টলো জব্দ কৰিবলৈ সক্ষম হয়।
গুলীবিদ্ধ গভাইত বাইক চোৰ জন হৈছে জাকাৰী চিকদাৰ৷
জাকাৰীক গুলিবিদ্ধ অৱস্থাত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
আনহাতে আটক হোৱা আনজন চোৰ ছাকলান মুস্তাক।
গোৱালাপাৰা আৰক্ষীৰ জিম্মাত আছে ছাকলান।









