অসম

পোৱালিসহ দ খাৱৈত পৰি আবদ্ধ ৫টাকৈ বনৰীয়া হাতী, নিৰাপদে উদ্ধাৰ

পোৱালিসহ দ খাৱৈত পৰি আবদ্ধ ৫টাকৈ বনৰীয়া হাতীয।

গোৱালপাৰাৰ লক্ষীপুৰৰ চৈ বাৰিত সংঘটিত হৈছে এই ঘটনা।

গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনস্থ বিভিন্ন অঞ্চলত অব্যাহত আছে বন্য হস্তীৰ উপদ্রৱ।

মেঘালয়ৰ পৰা নামি অহা এটা বন্য হস্তীৰ বৃহৎ জাক বিগত প্ৰায় এক-ডেৰ বছৰ ধৰি লক্ষীপুৰৰ বিভিন্ন অঞ্চলত চলাই আহিছিল সন্ত্ৰাস।

জানিব পৰা মতে বুধবাৰে বান্দৰ মাথা, কুৰ্শা পাকৰি অঞ্চলৰ পৰা চৈ বাৰি অঞ্চলত প্ৰবেশ কৰে বৃহৎ হাতীৰ জাকটো।

সন্ধিয়াৰ পৰা অঞ্চলটোত উপদ্ৰৱ চলাই থকা হাতীৰ জাকটোৰ পোৱালি সহ ৫ টা কৈ হাতী দ খাৱৈত পৰি আবদ্ধ হৈ ৰয়।

পাছত ঘটনাস্থলীত লক্ষীপুৰ বন বিভাগৰ লোক উপস্থিত হৈছে এছকেভেটাৰৰ সহায়ত পাৰৰ মাটি খান্দি নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় হাতী কেইটা।

Leave a Reply

Your email address will not be published. Required fields are marked *