শোকাৱহ! ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত দুটাকৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু…

মহানগীৰৰ পাৰ্শ্বৱৰ্তী ক্ষেত্ৰীত দুৰ্ভাগ্যজনক ঘটনা।

ৰে’লৰ খুন্দাত মৃত্যু দুটাকৈ বন্যহস্তীৰ।

ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় হাতী দুটাৰ।

খেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত দুৰুং মইনাজান অঞ্চলত এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়।

খাদ্যৰ সন্ধানত বনৰীয়া হাতী কেইটাই ৰেলপথ পাৰ হ’বলৈ চেষ্টা কৰোঁতেই ৰে’লখনে হাতী দুটাক মহতীয়াই নিয়ে।

স্থানীয় লোকে জানিবলৈ দিয়া মতে, হাতীৰ এটা জাকে নিয়মীয়াকৈ খাদ্য সন্ধানত অঞ্চলটোত বিচৰণ কৰে।

ht

ইফালে, বন বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ ৰে’ল আৰক্ষীৰ সহায়ত হাতীতো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰা হয় আৰু তাৰ পিছত দুয়োকে এক নিৰ্ধাৰিত স্থানত সমাধিস্থ কৰা হয়।

ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবী প্ৰকৃতিপ্ৰেমী দল সংগঠনৰ।

Leave a Comment