অসম

নতুন দিল্লীৰ পৰা চুৰি কৰি অনা বিলাসী গাড়ী অসমত জব্দ!

নিউজ ডেস্ক। পুনৰ বহিঃৰাজ্যৰ পৰা চুৰি কৰি অনা বিলাসী বাহন জব্দ কৰিলে অসম আৰক্ষীয়ে।

এইবাৰ বোকাজান মহকুমাৰ বৰপথাৰ থানাৰ শিলনীজান অঞ্চলত আৰক্ষী অস্থায়ী নাকা তালাচীত জব্দ হয় এখন বিলাসী চুৰি গাড়ী।

জানিব পৰা মতে, এ এছ-০৯-এফ-৮৪৪৮ৰ ভুৱা নম্বৰ প্লেটেৰে চুৰি কৰি অনা বগা ৰঙৰ ক্ৰেটা গাড়ীখন শিলনীজানত আৰক্ষীয়ে দলটোৱে ৰখাবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰ পাছতে কৰ্তব্যৰত আৰক্ষীৰ লােকে গাড়ীৰ নম্বৰ, ইঞ্জিন নং, চেছিছ নং আৰু আৰক্ষীক দেখুওৱা কাগজ-পত্ৰত কোনোধৰণৰ মিল নেদেখি সন্দেহবশতঃ গাড়ীসহ চালকজনক থানালৈ লৈ আনে।

পাছত আৰক্ষীৰ অনুসন্ধানত উক্ত গাড়ীখন নতুন দিল্লীৰ পৰা চুৰি কৰি অনা বুলি জানিব পাৰে।

গাড়ীখন চুৰি কৰি অনা চোৰটো নাগালেণ্ডৰ ডিমাপুৰৰ মেথা কলনিৰ ২৩ নং ৱাৰ্ডৰ সমীৰ শ্বাহাৰ পুত্ৰ ৰাকেশ দেৱ ওৰফে ৰাহুল দেৱ বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *