অসম

অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ ঘটনাত মুখ্যমন্ত্ৰীৰ শোক, পৰিয়াললৈ ৫ লাখ টকাৰ চেক প্ৰদান…

যোৰহাটৰ মাজমজিয়াত সংঘটিত হোৱা অনিমেষ ভূঞা হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য।

দিন দুপৰতে একাংশ উন্মত্ত লোকে বৰ্বৰভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল ছাত্ৰনেতা অনিমেষক।

ৰাজপথত পৰি থকা এগৰাকী আদহীয়া ব্যক্তিক সহায় কৰিবলৈ যোৱায়েই কাল হ’ল অনিমেষৰ।

গণ প্ৰহাৰত মৃত্যুক সাৱটি ল’লে ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাই।

ইতিমধ্য যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘটনাৰ মূল অভিযুক্ত নিৰজ দাস ওৰফে ক’লা ল’ৰাক।

এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই।

ফাষ্টট্ৰেক আদালতৰ জৰিয়তে দোষীসকলক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ৷ 

এমাহৰ ভিতৰত দোষীসকলৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷

বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক এই ঘটনাৰ তদন্ত  প্ৰক্ৰিয়া ব্যক্তিগতভাৱে তদাৰক কৰাৰো নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷

ঘটনাত নিহত হোৱা অনিমেশ ভূঞাৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫ লাখ টকাৰ চেক প্ৰদানৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷

Leave a Reply

Your email address will not be published. Required fields are marked *