অসম

অনিমেষ ভূঞা হত্যাকাণ্ডৰ অপৰাধীৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত যোৰহাট উকীল সন্থাৰ…

যোৰহাটৰ মাজমজিয়াত সংঘটিত হোৱা অনিমেষ ভূঞা হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য।

দিন দুপৰতে একাংশ উন্মত্ত লোকে বৰ্বৰভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল ছাত্ৰনেতা অনিমেষক।

ৰাজপথত পৰি থকা এগৰাকী আদহীয়া ব্যক্তিক সহায় কৰিবলৈ যোৱায়েই কাল হ’ল অনিমেষৰ।

গণ প্ৰহাৰত মৃত্যুক সাৱটি ল’লে ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাই।

ইতিমধ্য যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘটনাৰ মূল অভিযুক্ত নিৰজ দাস ওৰফে ক’লা ল’ৰাক।

আনহাতে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ১৩ জনক আটক কৰিছে যোৰহাট আৰক্ষীয়ে।

ইয়াৰ মাজতে যোৰহাট উকীল সন্থাই গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত।

অনিমেষ ভূঞা হত্যাকাণ্ডৰ অপৰাধীৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত যোৰহাট উকীল সন্থাৰ।

যোৰহাট উকীল সন্থাৰ প্ৰাক্তন সভাপতি ৰিংকু শৰ্মাই এই ঘোষণা কৰি কয় যে যোৰহাট কাণ্ডৰ অপৰাধীৰ হৈ ওকালতি নকৰে কোনোৱে। যোৰহাট উকিল সন্থাই লৈছে এই সিদ্ধান্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *