অসম

আৰক্ষীৰ জালত দুই বাংলাদেশী নাগৰিক, ৩ হাজাৰ টকা দি প্ৰৱেশ কৰিছিল ভাৰতত…

অবৈধভাৱে অসমত প্ৰৱেশ কৰা দুই বাংলাদেশী নাগৰিক আৰক্ষীৰ জালত।

কৰিমগঞ্জৰ চূড়াইবাৰী আৰক্ষীয়ে নিশা যাত্ৰীবাহী নৈশ বাছত তালাচী চলাই গ্ৰেপ্তাৰ কৰে নাগৰিক দুজনক।

লোক দুজনে বাংলাদেশৰ গোপালগঞ্জৰ পৰা ত্ৰিপুৰাৰ আগৰতলা আখাউৰা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল।

আগৰতলাৰ পৰা এ এছ ০১ এইচ চি ৬২৬৯ নম্বৰৰ এখন নৈশ বাছেৰে অসম প্ৰৱেশৰ চেষ্টা কৰিছিল লোক দুজনে।

বাংলাদেশী লোক দুজনক ক্ৰমে মাসুম বিল্লা (১৮) আৰু শেখ বাপ্পি (৩৩) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ জেৰাত লোক দুজনে কলিকতালৈ যাব অহা বুলি স্বীকাৰ কাৰেষ

জানিব পৰা মতে, তেওঁলোক প্ৰতিজনে তিনি হাজাৰ টকাৰ বিনিময়ত দালালৰ সহায়ত আগৰতলাৰ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *