অখিল গগৈৰ কামবোৰে CLICK নকৰা হৈছে, তেওঁ বেমাৰী হৈ পৰিছে, বিশ্ৰামৰ প্ৰয়োজনঃ ভবেশ কলিতা…

শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ।

‘অখিল গগৈৰ কামবোৰে CLICK নকৰা হৈছে। অখিল গগৈ বেমাৰী হৈ পৰিছে, তেওঁৰ বিশ্ৰামৰ প্ৰয়োজন।’

শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এই মন্তব্য ভবেশ কলিতাৰ।

অখিল গগৈৰ প্ৰস্তাৱিত CAA আন্দোলন সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভৱেশ কলিতাই।

ভবেশ কলিতাই কয়- মই নাজানো তেওঁ কি ভাবিছে, তেওঁ শিৱসাগৰৰ বিধায়ক কিন্তু কয় জনিয়াৰ কথা, তেওঁ এবছৰতে বিৰক্তি পাইছে, ৫ বছৰ কেনেকৈ চলিব, নোৱাৰিব তেওঁ বিশ্ৰাম ল’ব লাগিব।

সকলোতে বিফল হৈছে অখিল গগৈ, উপ নিৰ্বাচনতো মুখ ঠেকেছা খালে। সেইকাৰণে আকৌ পথাৰলৈ যাম বুলি ভাবিছে নেকি তেওঁ বুলি মন্তব্য ভবেশ কলিতাৰ।

লগতে কয়- এতিয়া অখিলৰ কথা কোনেও নুশুনে, ৭০ টা সংগঠনেও তেওঁক এৰি দিলে। তেওঁ অকলশৰীয়া হৈ গৈছে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Comment