অসম

এইবাৰ ছ’চিয়েল মিডিয়াতো হ’ব ‘কা’ বিৰোধী আন্দোলনঃ জুবিন গাৰ্গ…

ৰাজ্যত পুনৰ আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন।

কা বিৰোধী আন্দোলন সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গে।

তেওঁ কয় যে, জাতিটোৰ ভালৰ বাবে কৰা সকলো কামৰ সৈতে জুবিন গাৰ্গ সদায় আছে। এইবাৰ কেৱল ৰাজপথত নহয়, ছচিয়েল মিডিয়াতো হব কা বিৰোধী আন্দোলন।

‘কা’ৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত তীব্ৰ জনমত গঢ়ি তোলা হব বুলিও কয় জনপ্ৰিয় কন্ঠশিল্পীগৰাকীয়ে।

ইফালে বৰাকত অসমীয়া ভাষাৰ বেনাৰ ফালি পেলোৱাক লৈ তেওঁ কয়- মই বৰাকত ৮বছৰ আছিলো, তেতিয়া এনে পৰিৱেশ কিন্তু নাছিল। আমাৰ মাজত এই বিভাজন থকাটো অনুচিত। বৰাক-বহ্মপুত্ৰ সকলো অসমতে আছে। সকলো একেডাল সুতাৰে বান্ধ খাই আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *