অসম

গুজৰাটৰ পৰা গৰুখুঁটি কৃষি প্ৰকল্প আহি পালে ১০৮ জনী গীৰ গাই…

গুজৰাটৰ পৰা গৰুখুঁটি কৃষি প্ৰকল্প আহি পালেহি ১০৮ জনী গীৰ গাই।

অসম চৰকাৰৰ প্ৰচেষ্টাত, পশুপালন আৰু কৃষি বিভাগৰ তৎপৰতাত গুজৰাটৰ পৰা বৃহস্পতিবাৰে গৰুখুটিত আহি পাইছে শতাধিক গীৰ গাই।

মাংগলিক কাৰ্যৰে গৰুকেইটা আদৰি আনি প্ৰকল্পত ইতিমধ্যে নিৰ্মাণ কৰা অস্থায়ী গো-শালত ৰখা হৈছে গীৰ গাই কেইজনীক।

২৭ নৱেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব প্ৰকল্পৰ স্থায়ী গো-শালাৰ।

গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পত দুগ্ধ উৎপাদনৰ লক্ষ্য বান্ধি লৈয়ে গুজৰাটৰ ভাওনগৰ জিলাৰ পৰা উন্নত জাতৰ এই ১০৮ জনী গীৰ গাই অনা হৈছে।

উল্লেখ্য যে মুঠ ২০০০ জনী গীৰ গাই অসমলৈ অনাৰ বাবে চুক্তি সম্পাদন হৈছে।

ইতিমধ্যে গীৰ গাই পালন কৰাৰ উদ্দেশ্য ছিপাঝাৰ অঞ্চলৰ ১৫ জন যুৱকক প্ৰশিক্ষণ দিয়াও হৈছে।

একোটা গীৰ গাইয়ে দৈনিক ১৮ ৰ পৰা ২০ লিটাৰ গাখীৰ দিব বুলি প্ৰকল্পটোৰ অধ্যক্ষ পদ্ম হাজৰিকাই জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *