
দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ গাওঁ পঞ্চায়তৰ সভাপতি…
হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত যমুনা গাওঁ পঞ্চায়তৰ সভাপতি মইনুল হকক গ্ৰেপ্তাৰ।
বুধবাৰে মোৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সভাপতি মইনুলক।
দীৰ্ঘদিন ধৰি পঞ্চায়ত সভাপতি গৰাকীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল পঞ্চায়ত খনৰ স্থানীয় ৰাইজে।
এমজিএনৰেগাৰ নামত ব্যাপক লুণ্ঠন চলোৱাৰ অভিযোগ সভাপতি গৰাকীৰ বিৰুদ্ধে।
পঞ্চায়ত সভাপতি গৰাকীৰ গৃহত আৰক্ষীয়ে অভিযান চলাই নিশা মোৰাঝাৰ আৰক্ষীয়ে ৬২ খন জব কাৰ্ড উদ্ধাৰ কৰে।
বৰ্তমান মইনুল হকক মোৰাঝাৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
লগতে চাওকঃ





