অসম

GMCHত হ’ব নতুন ছুপাৰ স্পেচিয়েলিটী হাস্পতালঃ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত…

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত সংবাদমেল।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুন ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ কাম আৰম্ভ হ’ব।

ফেব্ৰুৱাৰী মাহত কাম আৰম্ভ হ’ব এই স্পেচিয়েলিটী হাস্পতালখনৰ।

GMCHত ৰোগীৰ আত্মীয়ই আৰু দীঘলীয়া শাৰী পাতিব নালাগে। অনলাইন যোগে ৰোগীয়ে পঞ্জীয়ন কৰিব পাৰিব।

শীঘ্ৰেই জিএমচিএইচত হ’ব এই অত্যাধুনিক ব্যৱস্থা।

এম আৰ আই, চি টি স্কেন আদি পৰীক্ষা ক্ষেত্ৰত সময় বৃদ্ধি কৰা হৈছে।

সোমবাৰৰ পৰা পৰা ছিফ্টবোৰ দুগুণ হ’ব।

প্ৰতিদিনে প্ৰতিজন ৰোগীৰ পৰীক্ষা কৰিবলৈ চেষ্টা কৰা হ’ব।

এতিয়া সাধাৰণ ৰোগীৰো ৰাতি ১০ বজালৈ পৰীক্ষা সমূহ কৰা হ’ব।

অস্ত্ৰোপচাৰ ক্ষেত্ৰতো সময় বৃদ্ধি কৰা হ’ব।

সাধাৰণ ৰোগীয়েও ৫দিনৰ ভিতৰত সকলো পৰীক্ষা কৰি অস্ত্ৰোপচাৰ কৰিব পাৰিব।

হাস্পতাল কৰ্তৃপক্ষই ল’ব পাৰিব ঠিকাভিত্তিক কৰ্মচাৰীকো।

স্থায়ী কৰ্মচাৰীৰ সমানে বেতন দিয়া হ’ব ঠিকাভিত্তিক কৰ্মচাৰীক।

সংবাদমেলত এই কথা জনালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

Leave a Reply

Your email address will not be published. Required fields are marked *