আৰক্ষীৰ জালত মালিগাওঁ হত্যাকাণ্ডৰ হত্যাকাৰী, কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ বিকী চাহানীক…

আৰক্ষীৰ জালত মালিগাওঁ হত্যাকাণ্ডৰ হত্যাকাৰী।

তৰুণ ডেকাক কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই হত্যা কৰা বিকী চাহানীক কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ।

যোৱা পাঁচ নৱেম্বৰৰ নিশা গুৱাহাটীৰ মালিগাঁৱত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ মূল অভিযুক্ত বিকী চাহানী।

বিকী চাহানীয়ে মালিগাঁও বজাৰৰ নৈশ চকীদাৰ তৰুণ ডেকাক কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই হত্যা কৰিছিল।

এই নৃশংস হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল সেই স্থানত সংস্থাপিত চিচি টিভি কেমেৰাত।

আৰক্ষীয়ে চিচি টিভিৰ ফুটেজ সংগ্ৰহ কৰি অভিযান তীব্ৰতৰ কৰি তুলি কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত বিকীক।

Leave a Comment