অসম

শোকাৱহ! দুৰ্ঘটনাত পতিত বিবাহযাত্ৰী কঢ়িওৱা বাহন, থিতাতে নিহত দুজন…

গোলাঘাটৰ ঢেকিয়ালত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

শোকাৱহ দুৰ্ঘটনাত পতিত বিবাহযাত্ৰী কঢ়িওৱা বাহন।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত দুজনকৈ লোক আনহাতে আহত হৈছে আন ৩গৰাকী।

ঢেকিয়ালৰ সমীপত গছত খুুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে জাঁজীৰ কন্যা ঘৰৰ পৰা উভতি আহোতে পুৱতি নিশা এ এছ ০১ ই এ ৯০৬০ নম্বৰৰ ইন’ভা গাড়ীখনে পথৰ কাষৰ এজোপা গছত নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাৰ ফলত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

দুর্ঘটনাটোত বিপুল শৰ্মা আৰু মহেন্দ্ৰ কলিতা নামৰ দুজনকৈ লোকৰ থিতাতে মৃত্যু হয়।

আনহাতে দুৰ্ঘটনাটোত আহত হয় অভিজিত সাহা, মুনিন্দ্ৰ দাস আৰু দিগন্ত বৰুৱা।

উল্লেখ্য যে গোলাঘাটৰ পূৰ্বাঞ্চলত আছিল দৰাৰ ঘৰ।

গাড়ী খনত তিনিজন ভিডিঅ’গ্ৰাফাৰ, চালক আৰু এজন আন লোক আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *