অসম

ব্যতিক্ৰমী ৰূপত বিধায়াক ফনীধৰ তালুকদাৰ, দোতাৰা বজাই ভাগ ল’লে শোভযাত্ৰাত…

এক ব্যতিক্ৰমী ৰূপত ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়াক ফনীধৰ তালুকদাৰ।

বিভিন্ন সময়ত নাচি বাগি চৰ্চাত থকা ন বিজেপি বিধায়ক ফনীধৰ তালুকদাৰক দেখিবলৈ পোৱা গৈছে এইবাৰ অন্য এক ৰূপত।

বিজেপি বিধায়ক ফনীধৰ তালুকদাৰে এইবাৰ দোতাৰা, তাল, খোল বাদন কৰি দেখুৱালে জন সমুদ্ৰৰ মাজত।

বিধায়ক ফনীধৰ তালুকদাৰে দেওবাৰে ভৱানীপুৰ বিধানসভা সমষ্টিৰ কঠালমূৰীঘাটত ৰাস মহোৎসৱৰ সোণালী জয়ন্তীৰ বৰ্ণাঢ্য সংস্কৃতিৰ ৰূপৰেখা প্ৰদৰ্শিত সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি থলুৱা লোক শিল্পীৰ স’তে দোতাৰা বাদন কৰা দেখিবলৈ পোৱা যায়।

শ শ ৰাইজ আৰু লোক সংস্কৃতিৰ শিল্পীয়ে অংশগ্ৰহণ কৰা অসমৰ বৰ্ণাঢ্য সাংস্কৃতিৰ ৰূপৰেখা প্ৰদৰ্শিত সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ তথা পৰিভ্ৰমণ কৰা বিধায়ক তালুকদাৰে দীৰ্ঘ সময় ধৰি শিল্পীসকলৰ স’তে দোতাৰা বাদন কৰে।

লগতে তাল, খোল বাদন কৰে।

তদুপৰি সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি ভাও লোৱা দৰা আৰু কইনাকো সংগ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *