অসম

IIT গুৱাহাটীত নেনো প্ৰযুক্তি আৰু ভাৰতীয় জ্ঞান প্ৰণালীৰ কেন্দ্ৰ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ…

IIT গুৱাহাটীত কেন্দ্ৰীয় শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান।

দেওবাৰে আইআইটি গুৱাহাটীত অত্যাধুনিক নেনো টেকন’লজী কেন্দ্ৰ (CNT) আৰু ভাৰতীয় জ্ঞান প্ৰণালী কেন্দ্ৰ (CIKS)ৰ লগতে প্ৰতিষ্ঠানটোৰ দুটা হোষ্টেল উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

তেওঁ প্ৰতিষ্ঠানটোত ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ সন্দৰ্ভত এখন কিতাপো উন্মোচন কৰে।

মন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীৰ সময়ত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু সাংসদ কুইন ওজাও উপস্থিত থাকে।

ভাষণ প্ৰসংগত আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্ট ৰেংকিং অৰ্জন কৰাৰ বাবে আইআইটি গুৱাহাটীক অভিনন্দন জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

লগতে গৱেষণা আৰু শিক্ষাৰ বাবে পৰিৱেশ গঢ়ি তোলাৰ লগতে উত্তৰ-পূবৰ সামগ্ৰিক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা বাবে আইআইটি গুৱাহাটীৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।

মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে ক’ভিড-১৯ৰ সময়ত উদ্ভাৱন আৰু প্ৰযুক্তিয়ে আমাক পিপিটি কিটৰ ক্ষেত্ৰত সহায় কৰিছিল, ভেকচিনৰ বিকাশ আৰু উৎপাদনত আমাক সহায় কৰিছিল।

আইআইটি গুৱাহাটীৰ দৰে প্ৰতিষ্ঠানসমূহে সামাজিক কল্যাণৰ বাবে উদ্ভাৱনৰ সুবিধা লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি তেওঁ কয়।

উল্লেখ্য, চেণ্টাৰ ফৰ নেনো টেকন’লজী (CNT)ৰ লক্ষ্য হৈছে ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰা আৰু নেনো প্ৰযুক্তিবিদ্যাৰ উদ্যোগৰ সৈতে শৈক্ষিক অংশীদাৰিত্ব বৃদ্ধি কৰা। এই কেন্দ্ৰৰ বাবে ৩৭ কোটি টকাৰ পুঁজি নিৰ্ধাৰণ কৰা হৈছিল।

আনহাতে ভাৰতীয় জ্ঞান প্ৰণালী কেন্দ্ৰ(CIKS)ই ভাৰতৰ অদ্বিতীয় জ্ঞানৰ সংৰক্ষণ, নথিভুক্ত আৰু ইয়াৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব দিব।

Leave a Reply

Your email address will not be published. Required fields are marked *