অসম

ভাৰত-ম্যানমাৰ সীমান্ত আলফা (স্বাঃ)ত যোগদান কৰিবলৈ যোৱা ৩ যুৱকক আটক…

ভাৰত-ম্যানমাৰ সীমান্ত আলফা (স্বাঃ)ত যোগদান কৰিবলৈ যোৱা ৩ যুৱকক আটক।

নাগালেণ্ডৰ মন জিলাৰ পৰা আটক কৰিছে অসম ৰাইফলছৰ জোৱানে।

২৭ নং আছাম ৰাইফলছৰ জোৱান সকলে এক সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নাগালেণ্ডৰ মন জিলাত এটা ঘৰত কেইজনমান যুৱকৰ উপস্থিতিৰ সম্ভেদ লাভ কৰাত অভিযান চলাইছিল।

এই অভিযানত আটক হোৱা যুৱক তিনিজন ক্ৰমে ওদালগুৰি জিলাৰ জলহা অঞ্চলৰ মহেন্দ্ৰ ডেকাৰ পুত্ৰ বিকাশ ডেকা, যোৰহাট জিলাৰ এজাৰগুৰি অঞ্চলৰ সুনীল বৰাৰ পুত্ৰ অৰিন্দম বৰা আৰু আনজন তিনিচুকীয়া জিলাৰ শদিয়া অঞ্চলৰ যোগেশ চন্দ্ৰ নেওগৰ পুত্ৰ হিমন্ত নেওগ বুলি সেনাৰ সূত্ৰত প্ৰকাশ।

সম্প্ৰতি ধৃত যুৱকত্ৰয়ক আছাম ৰাইফলছৰ শিবিৰত সোধা-পোছা অব্যাহত ৰাখা হৈছে।

সম্ভৱত আজি তিনিওজনকে আছাম ৰাইফলছে অসম আৰক্ষীৰ হাতত চমজাই দিব।

Leave a Reply

Your email address will not be published. Required fields are marked *