অসম

নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক…

নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক।

যোৰহাটৰ আৱৰ্ত ভৱনত মিলিত হয় দুয়োগৰাকী মুখ্যমন্ত্ৰী।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব যোৰহাটৰ আৱৰ্ত্ত ভৱনত।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অকলশৰীয়াকৈ মিলিত হ’ব লগা বৈঠকত কি বিষয়ৰ আলোচনা হ’ব সেয়া স্পষ্ট হোৱা নাই।

বৈঠকত দীৰ্ঘদিনীয়া অসম-নাগালেণ্ড সীমা সমস্যাৰ সমাধানৰ ওপৰত আলোচনা কৰাৰ সম্ভাৱনা আছে।

তদুপৰি শেহতীয়াকৈ আলফা (স্বা:)ৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা অব্যাহত থকা আলোচনাৰ প্ৰসংগৰ ক্ষেত্ৰত নাগালেণ্ডৰ একাংশ বিদ্ৰোহী সংগঠনৰ ভূমিকা সন্দৰ্ভতো নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা হোৱাৰ সম্ভাৱনা আছে।

এই বৈঠকত কেৱল দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে অংশ গ্ৰহণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *