অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে প্ৰাণ হেৰুৱালে ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা মৃগাংক বৰদলৈয়ে…

এক শোকাৱহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে ছাত্ৰ সন্থাৰ এগৰাকী প্ৰাক্তন ছা্ত্ৰ নেতাই।

পথ দুৰ্ঘটনাত মৃত্যু হোৱা যুৱকজনৰ নাম মৃগাংক বৰদলৈ।

নিশা কলিয়াবৰত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱই মৃগাংকই।

কলিয়াবৰ তিনিআালি নিবাসী মৃঙ্গাঙ্কই নিশা ঢেকীয়াজুলিৰ পৰা বাইকৰে গৃহাভিমুখী হোৱাৰ পথত নলতলিত দলঙত খুন্দা মৰাৰ ফলতেই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ৷

ঢেকিয়াজুলীৰ পৰা কলিয়াবৰ অভিমুখে আহি থকা অৱস্থাতে এই পথ দুৰ্ঘটনা‌ সংঘটিত হয়।

ঢেকিয়াজুলীৰ বন্ধন বেংকত কৰ্মৰত আছিল মৃগাংক বৰদলৈ।‌‌

দুৰ্ঘটনা সংঘটিত বাইকখনৰ নম্বৰ- AS 02AD 2406.

অমায়িক,সামাজিক দায়বদ্ধতাৰে নিজৰ পৰিচয় দাঙি ধৰা মৃঙ্গাঙ্কৰ অকাল বিয়োগত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, কলিয়াবৰ প্ৰেছ ক্লাৱকে ধৰি বিভিন্ন অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে

৩৩ বছৰীয়া যুৱক জনৰ মৃত্যুত এতিয়া সমগ্ৰ অঞ্চল জুৰি শোকৰ ছাঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *