মন্দিৰৰ চাকিৰ পৰা জুইৰ সূত্ৰপাত, মালিগাঁৱত জুইত ভস্মীভূত এটা বাসগৃহ…

গুৱাহাটী মহানগৰীৰ মালিগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড।

মালিগাঁৱৰ গোশালাৰ কৃষ্ণনগৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।

এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গ’ল পাহাৰৰ ওপৰত থকা কিশোৰ দাস নামৰ এজন লোকৰ বাসগৃহ।

ঘৰত থকা মন্দিৰৰ চাকিৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ গৰাকী কিশোৰ দাসৰ।

পৰৱৰ্তী সময়ত সেই জুইত বিস্ফোৰণ ঘটে তেওঁলোকৰ ঘৰৰ চিলিণ্ডাৰৰ।

ইফালে, এই অগ্নিকাণ্ডৰ খবৰ পোৱাৰ মাত্ৰকেই ঘটনাস্থলীত উপস্থিত হয় জৰুৰী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন।

অগ্নি নিৰ্বাপক বাহিনীৰ লোকে অতি তৎপৰতাৰে জুই নিয়ন্ত্ৰণ কৰে।

এই অগ্নিকাণ্ডত লোকজনৰ কেইবালাখ টকাৰ সা-সামগ্ৰী আৰু বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ ভস্মীভূত হয়।

Leave a Comment