কাজিৰঙাত ৰাষ্ট্ৰীয় ঘাই পথত গাড়ীৰ খুন্দাত আহত গঁড়…

কাজিৰঙাত ৰাষ্ট্ৰীয় ঘাই পথত গাড়ীৰ খুন্দাত আহত এটা গঁড়।

কাজিৰঙাৰ হালধিবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়তে এখন বাহনে মহতিয়াই নিয়ে গঁড়টোক।

কাজিৰঙাৰ হালধিবাৰী এনিমেল ক’ৰিডৰত সংঘটিত হয় ঘটনাটো।

গাড়ীৰ খুন্দাত গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয় গঁড়টো।

জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ পৰা ওলাই অহা গঁড়টোক AS12BC8964 নম্বৰৰ টাটা ডি আই গাড়ীখনে খুন্দা মাৰে।

তাৰ পিছতেই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে ঢলি পৰে গঁড়টো।

আঘাতপ্ৰাপ্ত হোৱা গঁড়জনী ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত বহু সময় ধৰি পৰি ৰয়।

পিছত আহত গঁড়টোৱে আশ্ৰয় লয় ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ হাবিৰ মাজত।

গঁড় খুন্দিওৱা বাহনখন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰাৰ লগতে আহত গঁড়টোৰ ক্ষেত্ৰত ব্যৱস্থা লৈছে বন বিভাগে।

Leave a Comment