ক্ৰমাৎ সুস্থ হৈ উঠিছে অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত গুলীবিদ্ধ হৈ আহত হোৱা কাছাৰৰ আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্ত নিম্বালকাৰ৷
২৬ জুলাইত অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজো আৰক্ষীৰ সহযোগত মিজো দুৰ্বৃত্তৰ আক্ৰমণত অসম আৰক্ষীৰ ৬জনকৈ জোৱান শ্বহীদ হোৱাৰ লগতে আহত হৈছিল প্ৰায় অৰ্ধ শতাধিক জোৱান।
অতি গুৰুতৰভাৱে আহত হৈছিল কাছাৰৰ আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ।
ইয়াৰ পাছতে আহত বিষয়াজনক বিমানেৰে মুম্বাইলৈ নিয়া হয় আৰু আন্ধেৰীৰ কোকিলাবেন আম্বানী চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰা হয়।
তেওঁৰ কঁকাল আৰু শৰীৰৰ তলৰ অংশত গুলিয়ে বেছি আঘাত কৰিছিল।
তিনিঘন্টা ধৰা অস্ত্ৰোপচাৰৰ পাছত চিকিৎসকে তেওঁৰ দেহৰ পৰা পাঁচটাকৈ গুলি বাহিৰ কৰিবলৈ সক্ষম হৈছিল।
এতিয়া ক্ৰমান্বয়ে সুস্থিৰ হৈ উঠিছে বিষয়াগৰাকী। চিকিৎসালয়ত সুস্থ হৈ খোজকঢ়া এখন ফটো ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে।
অৱশ্যে সম্পূর্ণ সুস্থ হৈ উঠিবলৈ হয়তো আৰু কিছু সময়ৰ প্ৰয়োজন হ’ব তেওঁক।









