অসম

আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা, এজনক আটক…

দক্ষিণ কামৰূপৰ গৰৈমাৰীত নিশা ছয়গাঁও আৰক্ষীৰ অভিযান।

এই অভিযানত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা৷

জানিব পৰা মতে, গৰৈমাৰীৰ সুৰা ব্যৱসায়ী বিমল কলিতাৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ১২ কাৰ্টন অৰুণাচলী সুৰাখিনি।

এই অভিযানকালত সুৰা ব্যৱসায়ী বিমল কলিতাক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলিছিল অভিযান।

জব্দকৃত সুৰাখিনি আৰু আটকাধীন সুৰা ব্যৱসায়ী বিমল কলিতাক ইতিমধ্যে ছয়গাওঁ আৰক্ষী থানালৈ লৈ অনা হৈছে আৰু বিমল কলিতাক জেৰা অব্যাহত ৰাখিছে।

জানিব পৰা মতে, জব্দকৃত অৰুণাচলী সুৰাখিনিৰ আনুমানিক মূল্য প্ৰায় লক্ষ্যাধিক টকা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *