বিউটি পাৰ্লাৰ, চেলুন, স্পাৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা GMCৰ।
অলিয়ে গলিয়ে এনে ধৰণৰ বহতো পাৰ্লাৰ, চেলুন, স্পা আদিত অনৈতিক কাৰ্যকলাপ চলি থকা বুলি ৰাইজৰ বিভিন্ন অভিযোগৰ পাছতে এতিয়া কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম।
আজি এক বিজ্ঞপ্তি যোগে কিছু বাধ্যতামূলক নীতি-নিৰ্দেশনা জাৰি কৰে গুৱাহাটী পৌৰ নিগমে ।
এতিয়াৰ পৰা স্পা, পাৰ্লাৰ, unisex চেলুনত বিপৰীত লিংগই দিব নোৱাৰিব মাছাজ। কেৱল সমলিংগইহে দিব পাৰিব মাছাজ।
পৌৰ নিগম কৰ্তৃপক্ষই পাৰ্লাৰসমূহলৈ জাৰি কৰা জাননী অনুসৰি….

পাৰ্লাৰ বা চেম্বাৰৰ ভিতৰত কোনো বিশেষ একচেতিয়া কোঠা থাকিব নোৱাৰিব।
মূখ্য দ্বাৰ স্বচ্ছ হোৱা বাধ্যতামূলক।
স্পা বা ইউনিচেক্স চেলুনৰ ক্ষেত্ৰত সংশ্লিষ্ট বিষয়ত যোগ্য থেৰাপিষ্ট থকা উচিত।
বিপৰীত লিংগৰ দ্বাৰা মাছাজ কৰাব নোৱাৰিব। অর্থাৎ কোনো পুৰুষক মহিলাই বা মহিলাই পুৰুষক মাছাজ দিব নোৱাৰিব
ইউনিচেক্স পাৰ্লাৰত কৰ্মৰত কৰ্মচাৰী যোগ্যতা সম্পন্ন বা প্ৰকৃত ডিগ্ৰীধাৰী হ’ব লাগিব।
পাৰ্লাৰ, স্পা চেলুনলৈ আহিবলগীয়া গ্ৰাহকৰ ফোন নম্বৰ আৰু ঠিকনা ৰাখিব লাগিব কৰ্তৃপক্ষই।
ষ্টীম বাথৰ লব পাৰিব কিন্তু সেই সময়ত কোনো কাৰণতে বিপৰীত লিংগই সহায় কৰিব নোৱাৰিব।









