প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অশোক শইকীয়াৰ জামিন মঞ্জুৰ, ক’লে- ‘মই নিৰ্দোষী’

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অশোক শইকীয়াৰ জামিন মঞ্জুৰ।

বিশেষ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰিলে জামিন।

এছকাৰ্ড বেংকৰ ঋণ কেলেংকাৰীত জড়িতৰ অভিযোগত দেওবাৰে চিবিআয়ে গ্ৰেপ্তাৰ কৰিছিল অশোক শইকীয়াক।

৯ লাখ টকাৰ ঋণ লৈ পৰিশোধ নকৰাৰ অভিযোগ শইকীয়াৰ বিৰুদ্ধে।

পল্টন বজাৰ থানাত অশোক শইকীয়াৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।

পৰৱৰ্তী সময়ত চিবিআইলৈ হস্তান্তৰ কৰা হৈছিল এই গোচৰটো। চিবিআয়ে এটা নিশা নিজৰ জিম্মাত ৰখাৰ পিছতে জামিন পালে অশোক শইকীয়াই।

আদালতৰ নিৰ্দেশ মৰ্মে পুনৰ মঙলবাৰে হাজিৰ হ’ব লাগিব অশোক শইকীয়া।

জামিন লাভ কৰিয়েই সংবাদ মাধ্যমক সম্বোধন অশোক শইকীয়াৰ।

সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘মই নিৰ্দোষী, ১৯৯৬ চনৰ পৰাই চলি আছে ৰাজনীতি।’

১৯৯৬ চনতে ১ লাখ ৭০ হাজাৰ টকাৰ ঋণ লৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ২০১৫ চনত সেই ঋণৰ ৯ লাখ ৩৭ হাজাৰ ৭০১ টকা পৰিশোধ কৰা হৈছে।

Leave a Comment