ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে অত্যাধুনিক সুবিধা থকা তথা প্ৰযুক্তিৰ জাহাজ।
পাণ্ডু পোৰ্টত অত্যাধুনিক প্ৰযুক্তিৰ জাহাজ মুকলি অনুষ্ঠান অনুষ্ঠিত হয়।
একেটা অনুষ্ঠানতে লগতে মুকলি কৰা হ’য় উমানন্দ ফেৰী সেৱাৰ ই-টিকটৰ বিশেষ ব্যৱস্থা।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে ৪খনকৈ ষ্টিল কেটামাৰান জাহাজ।
লগতে মুকলি কৰা হ’য় ক্ৰমে MV মেঘনা, MV সুদৰ্শন, MV পদ্মা আৰু MV ইন্দ্ৰ।
এই নতুনকৈ মুকলি কৰা একোখন জাহাজত ১০০গৰাকী যাত্ৰীৰ লগতে প্ৰায় ৫০খন মটৰ চাইকেল পৰিবহনৰ ক্ষমতা আছে।
জাহাজসমূহত ১৮০ হৰ্চস্পাৱাৰ X 6 চিলিণ্ডাৰ যুক্ত দুটাকৈ ইঞ্জিন সংলগ্ন থাকিব।
ইৰাপ উপৰিও সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি জাহাজত উপলব্ধ থাকিব প্ৰতিগৰাকী যাত্ৰীৰ বাবে লাইফ জেকেট।
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়- ৭৭০ কোটি টকাৰ বিশ্ব বেংকৰ পৰা ঋণ লৈ আভ্যন্তৰীণ জল পৰিবহনৰ কাম কৰি থকা হৈছে। তাৰেই ৮০% ভাৰত চৰকাৰে ঘূৰাই দিব, বাকী 20%অসম চৰকাৰে দিব। ১০ খন জাহাজ নিৰ্মাণৰ পৰিকল্পনা লোৱা হৈছে।তাৰেই আজি ৪ খন মুকলি কৰা হল।
১০খন নতুন জাহাজৰ নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল। ইয়াৰে ৪খনত আজি মুকলি কৰা হৈছে। বিশ্ব বেংকৰ পুঁজিৰে নিৰ্মাণ কৰা হৈছে জাহাজসমূহ।
Flagged off four steel catamaran vessels at Pandu Port in Guwahati today.
— Himanta Biswa Sarma (@himantabiswa) November 8, 2021
These vessels are launched under a @WorldBank funded project to transform quality of IWT services and integrate high quality passenger & vehicle ferry services into Assam’s wider transport network system. pic.twitter.com/PQyk8mxwQ1
আনহাতে সেই একেখন অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে আন কেইবাটাও বিশেষ গুৰুত্বপূৰ্ণ কথা।
মাজুলী ফেৰী দুৰ্ঘটনাৰ পিছত নতুন জাহাজৰ ব্যৱস্থা কৰা হৈছে। এপ’ৰ জৰিয়তে টিকট ক্ৰয়ৰ ব্যৱস্থা কৰা হৈছে মাজুলীত। ইয়াৰ পৰা ২৬লাখ টকা ৰাহজ সংগ্ৰহ হৈছে।
মাজুলীত ৰাস উৎসৱত ৰাইজৰ সমস্যা সমাধানৰ বাবে দুখন নতুন জাহাজৰ ব্যৱস্থা। মাজুলীত থকা ৫খন নাওত মেৰাইন ইঞ্জিন লগোৱাৰ ব্যৱস্থা কৰা হৈছে। মুঠ ১০খন জাহাজ আছে মাজুলীত।
গুৱাহাটী-উত্তৰ গুৱাহাটীৰ বাবেও ২খনকৈ নতুনকৈ জাহাজ মুকলি কৰাৰ লগতে গুৱাহাটী-উমানন্দৰ মাজত অনলাইন এপত টিকেট উপলব্ধ হব বুলি ঘোষণা কৰে।
বাকী কেইটা ঘাটটো অতি সোনকালে ই-টিকট মুকলি হব বুলি জানিবলৈ দিযে মুখ্যমন্ত্ৰীয়ে।
লগতে অনতি পলমে নিশা ২ বজাটো টিকেট লব পৰা ব্যৱস্থা কৰি ২৪ ঘণ্টাই ইয়াৰ সুবিধাৰ ব্যৱস্থা কৰিব বুলি জনাই মুখ্যমন্ত্ৰীয়ে।









