পাকিস্তান অধীকৃত কাশ্মীৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
৫০০ মিটাৰ দ’ খাৱৈত পৰিল ৪০ খন আসনযুক্ত যাত্ৰীবাহী বাছ।
পাকিস্তান অধীকৃত কাশ্মীৰৰ সুধনোটি জিলাত এই দুৰ্ঘটনাটো সংঘটিত হৈছে।
যাৰ ফলত অতিকমেও ২৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আঠগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, বাছখনত প্ৰথমতে কিছু কাৰিকৰী বিজুতিৰ সৃষ্টি হৈছিল আৰু পৰৱৰ্তী সময়ত বাছখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই ৫০০ মিটাৰ দ’ খাৱৈত পৰি যায়।
মৃত্যু হোৱা লোক সকলৰ ভিতৰত অধিকাংশ শিশু আৰু মহিলা আছিল।
ইতিমধ্যে দুৰ্ঘটনাস্থলীত পাকিস্তানৰ এটা উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।









