অসমঅসমীয়া

ভ্ৰাম্যমাণৰ পাঁচটা দশকৰ গৌৰৱোজ্জ্বল যাত্ৰাত যতি পৰাৰ আশংকা! কহিনুৰ থিয়েটাৰ বন্ধ হোৱাৰ ইংগিত তপন লহকৰৰ

পাঠশালাঃ অন্ত পৰিব পাৰে অসমৰ চিনাকি ভ্ৰাম্যমাণ জগতৰ এক সোণালী অধ্যায়ৰ! ৰাজ্যৰ অন্যতম পুৰণি তথা অগ্ৰণী থিয়েটাৰ কহিনুৰ থিয়েটাৰৰ ভৱিষ্যতক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ অনিশ্চয়তাৰ। নাট্যদলটোৰ প্ৰযোজক তপন লহকৰৰ এক ৰহস্যজনক সামাজিক মাধ্যমৰ পোষ্টে পাঁচটা দশকজোৰা এই ঐতিহাসিক নাট্যযাত্ৰাত যতি পৰাৰ ইংগিত বহন কৰিছে।

সামাজিক মাধ্যমত বিগত বৰ্ষৰ অভিজ্ঞতাৰ কথা সুঁৱৰি লহকৰে লিখে, “বহুত কথাই আছে… কিন্তু নো ম’ৰ কহিনুৰ থিয়েটাৰ।” এই সংক্ষিপ্ত অথচ তাৎপৰ্যপূৰ্ণ পোষ্টটোৱে নাট্যপ্ৰেমী ৰাইজৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে নাট্যদলটো বন্ধ কৰাৰ আঁৰৰ প্ৰকৃত কাৰণ বা এই সন্দৰ্ভত কোনো আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নে নাই, সেই বিষয়ে তেওঁ স্পষ্টকৈ একো উল্লেখ কৰা নাই।

উল্লেখযোগ্য যে, ১৯৭৬ চনত বিশিষ্ট নাট্যব্যক্তিত্ব ৰতন লহকৰে বজালীৰ পাঠশালাত প্ৰতিষ্ঠা কৰিছিল কহিনুৰ থিয়েটাৰ। বৃহৎ পৰিসৰৰ প্ৰযোজনা, আকৰ্ষণীয় মঞ্চসজ্জা আৰু বিশ্ববিখ্যাত কাহিনীক মঞ্চৰূপ দিয়াৰ অভিনৱ কলাকৌশলেৰে অসমৰ ভ্ৰাম্যমাণ ইতিহাসত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল নাট্যদলটোৱে। ২০১৭ চনত পিতৃ ৰতন লহকৰৰ দেহাৱসানৰ পিছত পুত্ৰ তপন লহকৰে এই দলটোৰ দায়িত্বভাৰ গ্ৰহণ কৰি ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছিল।

বিগত সময়ছোৱাত টাইটানিক আৰু জুৰাচিক পাৰ্কৰ দৰে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰক ভ্ৰাম্যমাণৰ মঞ্চত সফলতাৰে উপস্থাপন কৰি দেশজুৰি চৰ্চা লাভ কৰিছিল কহিনুৰে। ২০১০ চনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ (এনএছডি) নিমন্ত্ৰণক্ৰমে নতুন দিল্লীত নাট প্ৰদৰ্শন কৰি অসমৰ ভ্ৰাম্যমাণ সংস্কৃতিক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক অনন্য মাত্ৰা প্ৰদান কৰিছিল এই নাট্যদলটোৱে।

অসমৰ সাংস্কৃতিক জীৱনৰ অপৰিহাৰ্য অংগস্বৰূপ কহিনুৰ থিয়েটাৰে যদি সঁচাকৈয়ে নাট্যপ্ৰদৰ্শন সামৰে, তেন্তে সেয়া ৰাজ্যৰ ভ্ৰাম্যমাণ উদ্যোগৰ বাবে এক অপূৰণীয় ক্ষতি হিচাপে বিবেচিত হ’ব। তপন লহকৰৰ এই ঘোষণাই পাঁচটা দশকৰ যাত্ৰাৰ আনুষ্ঠানিক সমাপ্তিৰ ইংগিত দিছে নে পৰিচালনাৰ দিশত কোনো পৰিৱৰ্তন আনিবলৈ গৈছে, সেই বিষয়ে এতিয়াও স্পষ্ট প্ৰতিক্ৰিয়াৰ বাবে অপেক্ষা কৰিছে অনুৰাগীসকলে।


বিজ্ঞাপন / Affiliate Link

Amazon Great Indian Festival — Deals Revealed

Amazon Great Indian Festivalৰ অফাৰসমূহ চাওক

এই affiliate linkৰ জৰিয়তে ক্ৰয় কৰিলে NEWS8 NorthEast-এ কমিছন লাভ কৰিব পাৰে।

NEWS DESK

Our NEWS DESK is a dedicated team of senior local reporters.

Leave a Reply

Your email address will not be published. Required fields are marked *