
গুৱাহাটীত ১৭ বাংলাদেশী নাগৰিকক আটক; আশ্ৰয় আৰু সহায় কৰাৰ অভিযোগত হোটেলৰ স্বত্বাধিকাৰীসহ চাৰিজন গ্ৰেপ্তাৰ
গুৱাহাটীঃ অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে অভিযান চলাই গুৱাহাটীত বিগত দুটা দিনত পৃথক অভিযানত মুঠ ১৭ জন বাংলাদেশী নাগৰিকক আটক কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ৰে’লযোগে পলায়নৰ চেষ্টা চলাই থকা আৰু মহানগৰীৰ হোটেলত আত্মগোপন কৰি থকা অৱস্থাত সীমান্ত শাখাৰ আৰক্ষীয়ে এইসকল লোকক কৰায়ত্ত কৰে। এই অভিযানত বাংলাদেশী নাগৰিকক আটক (বাংলাদেশী নাগৰিক) কৰাৰ তথ্য সদৰী কৰিছে আৰক্ষীয়ে।

বুধবাৰে এক সংবাদমেল সম্বোধন কৰি সীমান্ত শাখাৰ আৰক্ষী উপায়ুক্ত কুলেন্দ্ৰ নাথ ডেকাই এই তথ্য সদৰী কৰে। তেওঁ জনোৱা অনুসৰি, মঙলবাৰে পল্টনবজাৰ ৰে’ল ষ্টেচনৰ সমীপত নিয়মীয়া তালাচী চলাই থকাৰ সময়তে লোকমান্য তিলক টাৰ্মিনাছ এক্সপ্ৰেছৰ সাধাৰণ ডবাৰ পৰা বাংলাদেশী নাগৰিকক কৰায়ত্ত কৰা হয়। মেঘালয়ৰ ডাউকী সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি ৫ অক্টোবৰত গুৱাহাটী আহি পোৱা এই লোককেইজনে মহানগৰীৰ ‘ভিন্টেজ হোম’ নামৰ এখন হোটেলত আশ্ৰয় লৈ আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
ধৃত লোকসকলৰ স্বীকাৰোক্তি আৰু চিচিটিভি ফুটেজ পৰীক্ষা কৰি পানবজাৰ থানাত ২২৫/২০২৬ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। এই বিদেশী নাগৰিকসকলক আশ্ৰয় প্ৰদান কৰা আৰু অসমৰ পৰা দেশৰ অন্যান্য প্ৰান্তলৈ পলায়নত মধ্যস্থতা কৰাৰ অভিযোগত আৰক্ষীয়ে চাৰিজনক গ্ৰেপ্তাৰ কৰিছে। ধৃত ব্যক্তিকেইজনক ভিন্টেজ হোমৰ স্বত্বাধিকাৰী অমিতাৰয় দৈমাৰী, হোটেলৰ মেনেজাৰ বিকাশ পল আৰু ৰঞ্জন দাৰ তথা ৰে’ল ষ্টেচনৰ পৰা হোটেললৈ নিয়াৰ মধ্যভোগী হজৰত আলী বুলি চিনাক্ত কৰা হৈছে।
আনহাতে, বুধবাৰে চলোৱা আন এক অভিযানত মহানগৰীৰ ‘শান্তি হোটেল’ৰ পৰা আন এক দল বাংলাদেশী নাগৰিকক আটক কৰে আৰক্ষীয়ে। জানিব পৰা মতে, এই দলটো বিগত ১০ৰ পৰা ১৫ বছৰ ধৰি কাশ্মীৰৰ শ্ৰীনগৰত বাস কৰি আছিল। শেহতীয়াকৈ তেওঁলোকে অসম হৈ পুনৰ বাংলাদেশলৈ ওভতি যোৱাৰ বাবে এক দালাল চক্ৰৰ সন্ধানত গুৱাহাটীত আশ্ৰয় লৈছিল।
আৰক্ষী উপায়ুক্ত ডেকাই জানিবলৈ দিয়ে যে ইমিগ্ৰেণ্টছ (এক্সপেলশ্বন ফ্ৰম আছাম) আইনৰ অধীনত শান্তি হোটেলৰ পৰা আটক কৰা বাংলাদেশী নাগৰিকসকলক দেশৰ পৰা বিতাড়ন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। কামৰূপ মহানগৰৰ আৰক্ষী আয়ুক্তৰ পৰা প্ৰয়োজনীয় আনুষ্ঠানিক নিৰ্দেশনা লাভ কৰাৰ পিছত তেওঁলোকক দেশৰ পৰা বহিষ্কাৰ কৰা হ’ব।
ইফালে, অবৈধভাৱে প্ৰৱেশ কৰা বিদেশী নাগৰিকৰ অহা-যোৱা আৰু আত্মগোপনত সহায় কৰাৰ অভিযোগ উঠা নেটৱৰ্কটোৰ সন্ধানত আৰক্ষীয়ে তদন্ত অধিক জোৰদাৰ কৰি তুলিছে।





