ৰাজ্যত এতিয়াও সাম কটা নাই বেনাৰ বিতৰ্ক।
টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোঁহাই গুৱাহাটীত উপস্থিত হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী আৰু ক্ৰীড়ামন্ত্ৰীৰ ফটো সম্বলিত বেনাৰ, পোষ্টাৰ, হোৰ্ডিং আঁতৰ কৰক নহ’লে আমি আঁতৰাই দিম বুলি হুংকাৰ অসম প্ৰদেশ কংগ্ৰেছৰ।
গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি এইদৰে অসম চৰকাৰলৈ ভাবুকি প্ৰদান কৰে কংগ্ৰেছে।
উল্লেখযোগ্য যে, অসম কন্যা লাভলীনা বৰগোঁহাই সোমবাৰে টকিঅ’ৰ পৰা আহি নতুন দিল্লীত উপস্থিত হৈছে।
১২ আগষ্টত অলিম্পিকত পদক বিজয়ী প্ৰথম অসমীয়া লাভলীনা বৰগোঁহাই অসমত উপস্থিত হ’ব।
পুৱা গুৱাহাটী বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনাক আদৰণি জনাব।
আনহাতে আবেলি শংকৰদেৱ কলাক্ষেত্ৰত লাভলীনাক ৰাজ্য চৰকাৰে আনুষ্ঠানিক সম্ভাষণ জনাব।









