অসম

অধিক ভাড়া ল’লে কৰ্তন হ’ব বাহনৰ অনুজ্ঞা পত্ৰঃ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

প্ৰতিদিনে হোৰাহোৰে বৃদ্ধি হৈ আছে পেট্ৰ’ল-ডিজেলৰ মূল্য।

পেট্ৰ’ল-ডিজলৰ মূল্যবৃদ্ধিৰ লগে লগে যাত্ৰীবাহী বাহনসমূহে বৃদ্ধি কৰিছে যাত্ৰীৰ ভাড়া।

কিন্তু যাত্ৰীৰ পৰা অধিক ভাড়া সংগ্ৰহ কৰাক লৈ এইবাৰ সকীয়নি প্ৰদান কৰিছে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

অধিক ভাড়া সংগ্ৰহ কৰিলে কৰ্তন হ’ব বাহনৰ অনুজ্ঞা পত্ৰ৷

চৰকাৰে ভাড়া বৃদ্ধি নকৰাকৈ কোনো বাহনে ল’ব নোৱাৰিব অধিক ভাড়া৷ অধিক ভাড়া সংগ্ৰহৰ তথ্য পালে কৰ্তন হ’ব অনুজ্ঞা পত্ৰ বুলি সকীয়নি প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।

ইমানেই নহয়, মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰিবহণ বিষয়ালৈ জাৰি কৰিছে নিৰ্দেশনা৷

Leave a Reply

Your email address will not be published. Required fields are marked *