ৰাষ্ট্ৰীয়

আতচবাজীৰ দোকানত ভয়ংকৰ অগ্নিকাণ্ড! ৫ গৰাকী নিহত, আহত কেইবাজনো লোক…

আতচবাজীৰ দোকানত ভয়ংকৰ অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ ফলত ৫ জন লোক নিহত হোৱাৰ লগতে আহত হৈছে কেইবাজনো লোক।

তামিলনাডুৰ কাল্লাকুৰিচি জিলাৰ শংকৰপুৰম নগৰৰ এখন ফটকাৰ দোকানত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড।

জুই ইমানেই ভয়ংকৰ আছিল যে নিমিষতে সমগ্ৰ অঞ্চলটো ধোঁৱাই আৱৰি ধৰাৰ লগতে ফটকা ফটাৰো শব্দ শুনা যায়।

অৱশ্যে এই পৰ্যন্ত জুইৰ সূত্ৰপাত কেনেকৈ হৈছিল সেয়া জানিব পৰা হোৱা নাই।  

জানিব পৰা অনুসৰি, দোকানখনৰ সন্মুখত ৰখাই থোৱা এখন দুচকীয়া বাহনো অগ্নিকাণ্ডত জাহ গৈছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *