কৰ্ম সংস্থাপনৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ সন্ধানহীন ৰাজকুমাৰ দাস, পৰিয়ালত হাহাকাৰ

নিউজ ডেস্ক। বহিঃৰাজ্যলৈ কাম বিচাৰি গৈ নগাঁও জিলাৰ চামুগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱাৰৰ এজন যুৱক সন্ধানহীন।

এই ঘটনাই পৰিয়ালত হাহাকাৰ লগাইছে। নিৰুদ্দিষ্ট ৰাজকুমাৰ দাসৰ বয়স প্ৰায় ২৩ বছৰ।

বন্ধুবৰ্গৰ লগত বহিঃৰাজ্যলৈ কৰ্মৰ সন্ধানত কেৰালালৈ গৈ তিনিদিন ধৰি সন্ধানহীন হৈ আছে লাওখোৱাৰ যুৱক ৰাজকুমাৰ দাস।

নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা এতিয়ালৈকে কোনোধৰণৰ খবৰক নাপাই পৰিয়ালৰ লকে কাষ চাপিছে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত আম বাগান আৰক্ষী চকীত।

জানিব পৰামতে, অন্ধ্ৰপ্ৰদেশৰ এটা ৰে’ল ষ্টেচনত কিবা এটা কামৰ বাবে নমাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে যুৱক ৰাজকুমাৰ দাস।

ঘটনা সন্দৰ্ভত ৰাজকুমাৰৰ পত্নীয়ে কোনো লোকে যদি ৰাজকুমাৰ দেখা পাই বা সন্ধান লাভ কৰে তেন্তে ৬০০২১-৪৮৫০২ নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাই।

Leave a Comment